Zubeen Garg:✒️ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাবটি লোৱাৰ সময়ত জুবিন গাৰ্গৰ স’তে থকা সামগ্ৰীবোৰ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চিনাক্ত কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে। ইয়াৰ বাবে শুকুৰবাৰে বিয়লি তেওঁ আদালতত উপস্থিত হয়।
উল্লেখ্য যে জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পৰা জুবিন গাৰ্গৰ ম’বাইল ফোন আৰু টেবলেট উদ্ধাৰ কৰা হয়। আনহাতে, কে’বাবিধো নথিপত্ৰ সিদ্ধাৰ্থৰ উপৰি সম্পৰ্কীয় ভ্রাতৃ সন্দীপন গাৰ্গৰ পৰা উদ্ধাৰ কৰা হয়।
দিল্লীত ৰহস্যজনকভাৱে সিদ্ধার্থই সন্দীপনক জুবিনৰ ম’বাইল ফোন আৰু টেবলেটটো হস্তান্তৰ নকৰি নিজৰ হাতত ৰাখিছিল। সিদ্ধার্থক গ্ৰেপ্তাৰৰ পাছতহে চিআইডিয়ে এই সামগ্ৰীবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সিদ্ধার্থক গ্ৰেপ্তাৰ কৰি এছআইটিয়ে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰু সামগ্ৰীবোৰ নিয়ম অনুসৰি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জমা ৰখা হৈছিল। শুকুৰবাৰে সেইবোৰ সামগ্ৰীয়েই আদালতত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনৰ হয় নে নহয়, সেয়া নিশ্চিত কৰে।আটাইকেইবিধ সামগ্ৰী জুবিনৰ বুলি তেওঁ চিনাক্ত কৰে।
ইপিনে, জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ পৰিয়ালৰ পৰাও এখন এজাহাৰ দাখিল কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ নিৰূপণৰ লগতে কে’বাজনো লোকক অভিযুক্ত কৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ত উক্ত এজাহাৰখন দাখিল কৰা হৈছে।
গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিনৰ ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰেও এজাহাৰখনত স্বাক্ষৰ কৰিছে। সেই বিষয়টোৰ আলোচনাৰ লগতে আদালতত জমা ৰখা সামগ্ৰীবোৰ চিনাক্তকৰণৰ বাবে বৃহস্পতিবাৰে নিশা চিআইডিৰ বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ হৈ অতিৰিক্ত অধীক্ষক মৰমী দাসসহ আৰক্ষীৰ এটা দল জুবিনৰ বাসগৃহত উপস্থিত হয়।
সেই অনুসৰি, গৰিমা শইকীয়া গাৰ্গ কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয়। ইপিনে, অতিশীঘ্ৰে ভাৰতীয় ন্যায় সংহিতাৰ ১৮৩ নম্বৰ ধাৰাত গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য আদালতে গ্রহণ কৰিব। উল্লেখ্য যে এজাহাৰত পৰিয়ালে য়টত থকা সকলকে ধৰি অসুস্থ জুবিনক ছিংগাপুৰলৈ লৈ যোৱা সকলকো অভিযুক্ত কৰা হৈছে।






























