Drugs Seize With Paddlar arrested:বাৰে বাৰে গ্ৰেপ্তাৰ হৈয়ো নেৰে অপকর্ম

তেজপুৰত নিষিদ্ধ হেৰ'ইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

drugs

Drugs Seize With Paddlar arrested:

ছবাৰকৈ গ্ৰেপ্তাৰ হোৱাৰ পাছতো পুনৰ ড্ৰাগছৰ মাৰাত্মক বেহাৰে জড়িত হৈ পৰা এজন অভিযুক্তক হেৰ’ইনসহ পুনৰ তেজপুৰত আৰক্ষীয়ে কৰায়ত্ত কৰিছে। উল্লেখ্য যে তেজপুৰ চহৰৰ পার্শ্ববর্তী বৃহত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই বিগত দিনবোৰত ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এই বেহা কৌশলৰে অব্যাহত থকাৰ লগতে ড্ৰাগছ সৰবৰাহ চলি আছে ।

উল্লেখ্য যে আৰক্ষীৰ জালত পৰা এনে অভিযুক্ত কেইদিনমান কাৰাগাৰৰ আলহী হোৱাৰ পাছত জামিন লাভ কৰি পুনৰ জড়িত হৈ পৰে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ স’তে। উল্লেখ্য যে কালি বিজয়া দশমীৰ নিশা তেজপুৰ বৰঘাট আৰক্ষীৰ চকীৰ অন্তৰ্গত ভোজখোৱা চাপৰিত আৰক্ষীয়ে অভিযান চলাই এজন দুর্ধর্ষ ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইর্শ্বাদৰ নেতৃত্বত আৰক্ষীৰ দলে স্থানীয় ভোজখোৱা চাপৰিত যোৱা নিশা প্রায় আঠ বজাত অভিযান চলায়। বিশেষ সূত্ৰৰ আধাৰত অঞ্চলটোৰ এখন কাপোৰৰ দোকানত চলোৱা অভিযান কালত কাপোৰৰ মাজত লুকুৱাই ৰখা অৱস্থাৰ পৰা হেৰ’ইন ভর্তি ৩৫ টা প্লাষ্টিক কন্টেইনাৰ আৰক্ষীৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে দোকানখনৰ স্বত্বাধিকাৰী হবিবুৰ ৰহমান (৩২)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লক্ষ্যণীয় যে তেজপুৰ জোৰগড়ৰ নিৱাসী আব্দুল কুদ্দুচৰ পুত্ৰ তথা ধৃত হবিবুৰক ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহ কৰা গেচৰত আৰক্ষীয়ে ছয়বাৰকৈ হাতেলোটে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু প্রত্যেকবাবে জামিন লাভ কৰাৰ পাছত হবিবুব পুনৰ ড্ৰাগছ ব্যৱসায়ৰ স’তে জড়িত হৈ পৰে বুলি সদৰী কৰিছে আৰক্ষী সূত্রই। বর্তমানে পূৰ্বৰ গোচৰবোৰ ন্যায়িক আদালতত বিচাৰাধীন অৱস্থাত থকাৰ সময়তে কালি পুনৰ নিষিদ্ধ ড্ৰাগছসহ হবিবুৰক হাতে-লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে অভিযুক্ত হবিবুৰক তেজপুৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

Exit mobile version