Gogamukh:
ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্প যুৱসমাজৰ উদ্যোগত মহৰিকেম্প তিনিআলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি অৰ্থে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰে। পুৱাই আমন্ত্ৰিত শিল্পী দ্বাৰা হৰি নাম আৰু গায়ন – বায়নেৰে মাংগলিক নীতি নিয়মৰ মাজেৰে মহৰিকেম্প যুৱ সমাজে আয়োজন কৰা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত অঞ্চলৰ অগণন জুবিন অনুৰাগীয়ে শিল্পী গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোৰে মাজত চিৰদিন অমৰ হৈ থকাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মহৰিকেম্প যুৱ সমাজৰ সভাপতি দেবানন্দ বড়ায়ে কয় যে মহৰিকেম্প যুৱ সমাজে প্ৰতি বছৰৰ দৰে এই বছৰো উদযাপন কৰিব লগা বিহু মঞ্চৰ সাংস্কৃতিক সন্ধিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমন্ত্ৰণ কৰাৰ কথা আছিল যদিও শিল্পী গৰাকীৰ মহাপ্ৰয়াণত দুখ প্ৰকাশ কৰে। ৰাজহুৱা ভাবে আয়োজন কৰা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জাতি-ধৰ্ম নিৰ্বিশেষে উপস্থিত থাকি মহৰিকেম্প যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰে ।






























