Shyamkanu Mahanta :
ছিংগাপুৰত শ্যামকানু মহন্তৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি নিয়া আসুস্থ জুবিন গাৰ্গ সাগৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা সমস্ত ঘটনাটো তদন্ত কৰি থকা চিআইডিয়ে শেহতীয়াকৈ লাভ কৰিছে শ্যামকানুৰ এক বিয়াগোম বিত্তীয় কেলেংকাৰী । জুবিনৰ ৰহস্যজনক মৃত্যু ঘটনাৰ পিছৰে পৰা ছিংগাপুৰত আত্মগোপন কৰি থকা শ্যামকানুক যোৱা ১ অক্টোবৰত গুৱাহাটী এয়াৰপৰ্টত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বৰ্তমান আছে চিআইডিৰ জিন্মাত ৷
ছিংগাপুৰত আত্মগোপন কৰি থকা শ্যামকানুৰ মহানগৰীৰ গীতানগৰস্থ প্ৰাসাদোপম অট্টালিকাক চিআইডিয়ে অভিযান চলাই কেতবোৰ আপত্তিজনক নথিপত্ৰ আৰু সা- সামগ্ৰী জব্দ কৰি ছীল কৰি দিয়ে ৷
আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীৰ ভিতৰত আছিল বহু বিষয়া আৰু চৰকাৰী বিভাগৰ ছীল – মোহৰ ৷
এই সন্দৰ্ভত ইতিমধ্যে এছ আই টিয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি কেঁচু খান্দোতে সাপ ওলোৱা লেখিয়াকৈ ফেষ্টিভেল মহন্তৰ আন এক বিয়াগোম বিত্তীয় কেলেংকাৰী পোহৰলৈ আহিছে ৷ চিআইডিৰ মাৰাথন জেৰাত শ্যামকানুৱে সদৰি কৰা অনুসৰি ২০০১ চনত নেডফিত সংঘটিত কৰিছিল ১৪ কোটি টকাৰ এক বিত্তীয় কেলেংকাৰী ৷ নেডফিৰ ১৪ কোটি টকীয়া প্ৰকল্পৰ মেনেজাৰ আছিল শ্যামকানু মহন্ত ৷ DSS E CONNECT নামৰ এটা কোম্পানীৰে মিলি শ্যমকানুৱে উদৰস্থ কৰিছিল ১৪ কোটি ৷
এনে প্ৰেক্ষাপটত ফেষ্টিভেল মহন্ত ইডি আৰু আয়কৰ বিভাগৰ ৰোষত পৰাটো ইতিমধ্যে নিশ্চিত হৈছে ৷ যিকোনো মুহূৰ্তত দুয়োটা বিভাগে নতুন গোচৰত গ্ৰেপ্তাৰ কৰিব পাৰে শ্যামকানুক I
