আদালতত শুনানিৰ চলি থকাৰ সময়তে মুখ্য ন্যায়াধীশক আক্ৰমণৰ চেষ্টা

IMG 20251006 143244

Chief Justice of India:✒️সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইক এজন অধিবক্তাৰ আক্ৰমণৰ চেষ্টা ।

উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি থকা সময়তে আজি সংঘটিত হয় এই ঘটনা ৷ শুনানি চলি থকা সময়তে অধিবক্তাজন মুখ্য ন্যায়াধীশৰ আসনৰ কাষ চাপি নিজে পিন্ধি থকা জোতা খুলি মুখ্য ন্যায়াধীশলৈ নিক্ষেপ কৰে ৷

যদিও লগে লগে আদালতৰ উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে লোকজনৰ এই প্ৰচেষ্টা ব্যৰ্থ কৰে ।

ইতিমধ্যে আজিৰ এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তা গোটে তদন্ত আৰম্ভ কৰিছে ।

অধিবক্তাগৰাকীৰ বিষয়ে অধিক সবিশেষ আৰু তেওঁৰ উদ্দেশ্য কি আছিল সেয়া অনুসন্ধান অব্যাহত আছে।

Exit mobile version