নতুন গৱেষণাই ঘনীভূত কৰিলে মহাজাগতিক ৰহস্য

আমাৰ হাতীপটিতে আছে 'এলিয়েন'?

IMG 20251006 103225

Alien:✒️এই মহাবিশ্বত আমি পৃথিৱীবাসী অকলশৰীয়া নেকি? নিশাৰ আকাশলৈ চাই যুগ যুগ ধৰি মানুহে নিজকে এই প্রশ্ন কৰি আহিছে। কল্পবিজ্ঞানৰ পৰা আৰম্ভ কৰি অত্যাধুনিক টেলিস্কোপ, সর্বত্রেই চলি আছে সেই সম্ভাব্য ভিনগ্রহী প্রতিবেশীৰ সন্ধান।

অৱশ্যে সেই আশাত চেঁচাপানী ঢালিলে সাম্প্রতিক এক গৱেষণাই। এদন বিজ্ঞানীয়ে জনাইছে যে আমাৰ হাতীপটি আকাশগংগাতেই যদি কোনো প্রযুক্তিগতভাবে উন্নত সভ্যতাৰ অস্তিত্ব আছে, তথাপি সিবোৰৰ স’তে আমাৰ দূৰত্ব হ’ব পাৰে বিপুল, প্রায় ৩৩,০০০ আলোকবর্ষ।

সম্প্রতি ফিনলেণ্ডৰ হেলছিংকিত অনুষ্ঠিত ‘ইপিএছচি-ডিপিএছ২০২৫’ শীর্ষক এক যৌথ বৈঠকত এই গৱেষণা পত্রখন দাখিল কৰা হৈছিল। গৱেষণাৰ ফলাফলে মহাজাগতিক একাকীত্বৰ দিশেই প্ৰৱল ইংগিত দিছে।

বিজ্ঞানীসকলৰ মতে, কেবল বিপুল দূৰত্বই নহয়, আছে সময়ৰ এক বিৰাট প্রতিবন্ধতাও। বিজ্ঞানীসকলে জনাইছে যে আমাৰ নিকটতম কোনো বুদ্ধিমান সভ্যতাৰ অস্তিত্ব থাকিবলৈ হ’লে, সেই সভ্যতা ন্যূনতম দুই লাখ ৮০ হেজাৰ বছৰ বৰ্তি থাকিব লাগিব। আনকি এই সময়কাল লক্ষ লক্ষ বছৰো হ’ব পাৰে।

বিষয়টো সহজভাৱে বুজিবলৈ হ’লে আমি নিজৰ সভ্যতাৰ ফালেই চাব লাগিব। মানৱ সভ্যতাৰ ইতিহাস হেজাৰ হেজাৰ বছৰৰ হ’লেও প্রযুক্তিগতভাবে আমি উন্নতি কৰিছো মাত্ৰ কেইশ মান বছৰৰ পৰা। এই সামান্য সময়তে পৰমাণু যুদ্ধ, জলবায়ু পৰিৱৰ্তন তথা মহামাৰীয়ে আমাৰ অস্তিত্বক বাৰে বাৰে প্ৰশ্নৰ সন্মুখীন কৰি আহিছে।

অর্থাৎ লাখ লাখ বছৰ ধৰি নিজৰ সভ্যতাক যিকোনো প্রাকৃতিক বিপর্যয় বা নিজে তৈয়াৰ কৰা সংকটৰ পৰা বচাই ৰখাটো এটা প্রায় অসম্ভৱ কঠিন কাম।এই গৱেষণাৰ ভিত্তি হৈছে ‘ড্ৰেক সমীকৰণ’ৰ দৰে মহাজাগতিক সম্ভাৱনাৰ তত্ত্ব। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে মহাবিশ্বত হয়তো অনেক সভ্যতাৰেই জন্ম হৈছে; কিন্তু সেইবোৰৰ বেছিভাগেই প্রযুক্তিগতভাৱে উন্নত হোৱাৰ কিছুকালৰ ভিতৰতে বিলুপ্ত হৈ পৰিছে। হয় তেওঁলোকে নিজেই নিজক ধ্বংস কৰিছে, নহ’লে কোনো প্রাকৃতিক দুৰ্যোগৰ চিকাৰ হৈছে।

ফলত একে সময়তে ওচৰে ওচৰে দুটা উন্নত সভ্যতা বর্তি থকাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ। উল্লেখ্য যে গৱেষণাত উল্লেখিত ৩৩ হেজাৰ আলোকবৰ্ষৰ দূৰত্ব কল্পনাৰো অতীত। এক আলোকবর্ষ মানে হৈছে পোহৰে এটা বছৰত যি দূৰত্ব অতিক্ৰম কৰে। অর্থাৎ, ভিনগ্রহীসকলৰ সেই সম্ভাব্য ঠিকনাৰ পৃথিৱীত পোহৰ আহি পৰিবলৈ ৩৩ হেজাৰ বছৰ লাগি যাব। ইয়াৰ অৰ্থ হৈছে, আজি যদি আমি তেওঁলোকৰ উদ্দেশ্যে কোনো বার্তা প্ৰেৰণ কৰো, তেন্তে সেই বার্তা তাত পাবকৈ ৩৩ হেজাৰ বছৰৰ পাছতহে।

আকৌ সেই বাৰ্তাৰ তেওঁলোকৰ উত্তৰ পৃথিৱীলৈ আহিবলৈ সময় লাগিব আৰু ৩৩ হেজাৰ বছৰ। এই বিপুল সময়ৰ ব্যৱধানত দুয়োটা সভ্যতাৰ বাবেই অর্থপূর্ণ যোগাযোগ স্থাপন কৰাটো কাৰ্যতঃ অসম্ভৱ।

Exit mobile version