Mount Everest:✒️ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে উত্তৰ বংগ। ইয়াৰ মাজতে হিমালয়তো দুৰ্যোগৰ সৃষ্টি হৈছে। বিগত দুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণ আৰু তুষাৰপাতৰ বাবে মাউণ্ট এভাৰেষ্টৰ পূব দিশত তিব্বতৰ গাতে লাগি থকা অঞ্চলটোত আবদ্ধ হৈ পৰিছে হেজাৰ হেজাৰ পৰ্যটক।
৪৮ ঘণ্টাৰ চেষ্টাৰ অন্তত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে সংবাদ সংস্থা প্ৰতিবেদন অনুসৰি এই পৰ্যন্ত ৩৫০ গৰাকী পৰ্যটকক নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।
তদুপৰি কেবাজনো পৰ্যটকৰ স’তে যোগাযোগ কৰা সম্ভৱ হৈছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
শুকুৰবাৰে নিশা এভাৰেষ্টৰ কাংছুং অঞ্চলত তুষাৰপাত আৰু প্ৰচণ্ড বৰষুণ আৰম্ভ হয়।
উল্লেখ্য যে,চীনত আঠ দিনীয়া ছুটীৰ বাবে কাংছুঙৰ কৰ্ম উপত্যকাত হেজাৰ হেজাৰ পৰ্যটকৰ ভিৰ হয় যদিও হঠাৎ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৪২০০ মিটাৰ (১৩,৮০০ ফুট) উচ্চতাত অৱস্থিত উপত্যকাটোত আবদ্ধ হৈ পৰে সকলো।
পৰিস্থিতি সামান্য উন্নত হোৱাৰ লগে লগে দেওবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হয়। চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰলৈকে ৩৫০ জন ট্ৰেকাৰক উদ্ধাৰ কৰি কুডাংলৈ স্থানান্তৰ কৰা হৈছে। বাকীসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। উদ্ধাৰ অভিযানত যোগ দিছে স্থানীয় লোকে।
