বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

ভূমিস্খলন ৰোধ কৰিবলৈ যান-বাহন নিয়ন্ত্ৰণ, মোডীৰ সমৰ্থন বাৰ্তা

1759735714 nepal

Nepal:✒️সপ্তাহৰ শেষৰ ফালে হোৱা প্ৰচণ্ড বৰষুণ, ভূমিস্খলনে নেপালত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। সৃষ্টি হৈছে বানপানীৰ পৰিস্থিতিৰ । যাৰ বাবে ৫১ জন লোকে প্ৰাণ হেৰুৱাইছে।

পথত নতুনকৈ ভূমিস্খলন ৰোধ কৰিবলৈ প্ৰশাসনে যান-বাহন নিয়ন্ত্ৰণৰ নিৰ্দেশ দিছে। নেপালৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

শনিবাৰে নিশাৰ পৰাই নেপালত ধাৰাসাৰ বৰষুণ। যাৰ বাবে বহু অঞ্চলত ভূমিস্খলন সংঘটিত হৈছে। পথ ভাঙি পৰাৰ লগতে বহু অঞ্চলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বাঢ়িছে নদীৰ জলপৃষ্ঠ।

বাগমতী আৰু পূব ৰাপ্তী নদীৰ আশে-পাশে থকা অঞ্চলত প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰিছে। সেই অঞ্চলসমূহৰ পৰা মানুহক খালী কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা অনুসৰি,কোশী প্ৰদেশৰ ইলাম জিলাত বান পৰিস্থিতিৰ বাবে ৩৭ জন লোকে প্ৰাণ হেৰুৱাইছে।

গৃহহীন হৈছে বহু লোক।ভাঙি পৰিছে পথ, দলঙৰ দৰে আন্তঃগাঁথনি । ভূমিস্খলনত যাতে নতুনকৈ পথ ভাঙি নপৰে তাৰ বাবে ৰাজধানী কাঠমাণ্ডুত প্ৰৱেশ আৰু প্ৰস্থান কৰা যান-বাহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নেপালৰ পৰিস্থিতি সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লিখিছে, “নেপালত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হৃদয়বিদাৰক। আমি এই কঠিন সময়ত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে আছোঁ। ভাৰতৰ চুবুৰীয়া হিচাপে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সাজু।”

Exit mobile version