শ্বাহৰুখতকৈ অধিক ধনাঢ্য ফিজিক্সৱালা অলখ, এবছৰত ২২৩ শতাংশ সম্পত্তি বৃদ্ধি

500x300 149539 alakh pandey

Shah Rukh Khan:✒️বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খান ইতিমধ্যে বিশ্বৰ সবাতোকৈ ধনী অভিনেতা হিচাপে স্বীকৃত হৈছে। চলিত বৰ্ষৰ অর্বুদপতিৰ তালিকাত শ্বাহৰুখে বলিউড অভিনেতা হিচাপে শীর্ষস্থান লাভ কৰিলে।

কিন্তু ফিজিক্সৱালা প্ৰতিষ্ঠাপক অলখ পাণ্ডেয়ে সম্পত্তি আহৰণৰ ক্ষেত্ৰত শ্বাহৰুখকো পিছ পেলালে। শেহতীয়াভাৱে প্ৰকাশিত এক প্রতিবেদনৰ তথ্য অনুসৰি, সম্পত্তি আহৰণৰ ক্ষেত্ৰত বলিউড অভিনেতাতকৈ আগবাঢ়িল শিক্ষা ক্ষেত্ৰৰে জড়িত অলখ।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্ম হোৱা অলখে কানপুৰ হৰকোর্ট বটলৰ টেকনিকেল ইউনিভাৰচিটিত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বি টেক পাঠ্যক্রমত নামভর্তি কৰিছিল। কিন্তু পাছত তৃতীয় বর্ষত বিশ্ববিদ্যালয় ত্যাগ কৰি অলখে ফিজিক্সৱালা নামৰে এক ইউটিউব চেনেল আৰম্ভ কৰিছিল।

এইদৰে অতি কম সময়ৰ ভিতৰত অনলাইনযোগে ক’চিং পাঠদান কৰি বিপুল জনপ্রিয়তা অর্জন কৰা অলখে পৰৱৰ্তী সময়ত ফিজিক্স ৱাল্লাহ নামৰে নিজা কোম্পানী আৰম্ভ কৰিছিল। ফিজিক্সৱালা অধীনত বর্তমানে বিদ্যাপীঠ নামৰ প্ৰতিষ্ঠানো আছে।

হুৰুণ ইণ্ডিয়া ৰিচ লিষ্টৰ তথ্য অনুসৰি এবছৰত অলখৰ সম্পত্তি ২২৩ শতাংশ বৃদ্ধি পালে। এই তালিকাত লগতে উল্লেখ কৰা অনুসৰি অলখৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৪,৫১০ কোটি টকা। বিশ্বৰ সবাতোকৈ ধনী অভিনেতা হিচাপে স্বীকৃত শ্বাহৰুখৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১২,৪৯০ কোটি টকা।

অর্থাৎ বলিউড মহাতাৰকা শ্বাহৰুখতকৈ অধিক ধনাঢ্য হ’ল ফিজিক্সৱালা প্ৰতিষ্ঠাপক অলখ।

Exit mobile version