Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
October 6, 2025
in Assam
Reading Time: 2 mins read
0
mahilary
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বিটিচিৰ ফলাফলত কি ইংগিত?

# প্রাঞ্জলসেন ডেকা

বিধানসভা নির্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ পৰিস্থিতি জটিল হ’বলৈ ধৰিছে। বিশেষকৈ অবিস্মৰণীয় প্রতিভাধৰ শিল্পী জুবিন গাৰ্গৰ চৰম দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰা ক্ষোভে এই ক্ষেত্রত যেন আকস্মিক ইন্ধন যোগালে। জুবিনৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিয়ে শাসকসকলৰ মাজতো এক ধৰণৰ অস্থিৰতা তথা শংকাৰ উদ্ৰেক ঘটোৱা পৰিলক্ষিত হৈছে। ইয়েই ইংগিত দিয়ে যে শাসকসকলে যিয়েই দাবী নকৰক কিয়, বিভিন্ন কাৰণত ৰাজ্যৰ পৰিস্থিতি প্রকৃততে ভিতৰি অগ্নিগর্ভা হৈয়ে আছিল।
সম্প্ৰতি ইয়াৰ মাথোঁ বহিঃপ্রকাশহে ঘটিছে। পৰিৱেশ শাসকসকলৰ অনুকূলে নহ’লে আগন্তুক সময়ছোৱাত অসমে অধিক জটিল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ আশংকা আছে। সেই বাবেই সম্প্রতি ৰাজ্য চৰকাৰৰ মুৰব্বীৰ কথা-বতৰা লৰক-ফৰক হোৱাটো সাধাৰণ নাগৰিকৰ দৃষ্টিৰ পৰা আঁতৰি থকা নাই। জুবিনৰ অনাকাংক্ষিত ঘটনাটোৰ পাছবে পৰা প্রতিদিনে তেওঁ’ যি ধৰণে পৃথক পৃথক ভাষ্য দাঙি ধৰি আহিছে, সেইবোৰক বিসংগতিপূর্ণ আৰু অসংলগ্ন আখ্যা দিলেও ভুল নহ’ব।
শেহতীয়া বিটিচি নিৰ্বাচনৰ সময়ৰে পৰা পৰিস্থিতিয়ে হঠাৎ নতুন পাক লয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰ দল ইউপিপিএলৰ স’তে বুজাবুজিৰ পৰিৱৰ্তে বিজেপিয়ে নিজাববীয়াকৈ এই নির্বাচনত অবতীর্ণ হয়। নির্বাচনী বুজাবুজি তথা মিত্ৰতাৰ প্ৰসংগত কোনো ধৰণৰ স্পষ্টতা নোহোৱাকৈ ৰাজ্য চৰকাৰৰ মুৰব্বীজনৰ লগতে শাসক দলৰ নেতৃত্বই সহযোগী দলটোৰ বিৰুদ্ধে দুর্নীতি-দষ্টাচাৰ তথা ব্যর্থতাক লৈ সৰব হৈ উঠে; অথচ বিদায়ীকার্যবাহী পৰিষদৰ বিজেপি অন্যতম অংশীদাৰ হোৱাৰ বিপৰীতে ৰাজ্যৰ মন্ত্রীসভাত ইউপিপিএলৰ সদস্য অন্তর্ভুক্ত হৈ আছে। অর্থাৎ প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদৰ ভাল-বেয়াৰ ক্ষেত্ৰত বিজেপিও সমানেই অংশীদাৰ।
আনহাতে, পূৰ্বৰ মিত্ৰদল বিপিএফৰ ক্ষেত্ৰতো বিজেপিৰ স্থিতি পৃথক নাছিল। তাৰ উপৰি আকৌ সময়ে সময়ে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল যে ইউপিপিএল আৰু বিপিএফ উভয়ে এনডিএৰ অংশীদাৰ আৰু সেয়েহে তেওঁলোকৰ স’তে কোনো ৰাজনৈতিক শত্রুতা নাই। তেনে ধৰণৰ স্ববিৰোধ স্থিতিত বিটিচিৰ ভোটাৰ যে সন্তুষ্ট নহ’ল, সেয়া পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ আসন অর্ধেকলৈ হ্রাস পোৱাটোৱে প্ৰমাণ কৰি দিলে।
দৰাচলতে প্রমোদ বড়ো নেতৃত্বাধীন পৰিষদে অত্যধিক দিছপুৰ নিৰ্ভৰ হৈ স্বায়ত্ততা হেৰুওৱা বুলি বিটিচিৰ ৰাইজৰ মাজত অসন্তুষ্টি পৰিলক্ষিত হৈছিল। দিছপুৰৰ পৰা মুখ্যমন্ত্রেৰ নির্দেশত ইউপিপিএল পৰিচালিত হোৱা বুলিও ব্যাপকভাবে চর্চিত হৈছিল। সুদীর্ঘকালৰ সশস্ত্র আৰু গণতান্ত্রিক আন্দোলনৰ জৰিয়তে লাভ কৰা স্বায়ত্তশাসন এনেদৰে হেৰুৱাই পেলাবলৈ বড়ো জনগোষ্ঠীয় ৰাইজ সন্মত নোহোৱাটোৱেই স্বাভাবিক। তদুপৰি বড়ো-অবড়োৰ প্ৰসংগও কৌশলৰে প্ৰচাৰ কৰা হ’ল যদিও উভয় পক্ষই তাক বিশ্বাসত নল’লে।
গণতন্ত্রত ৰাজনৈতিক দলৰ নিৰ্বাচনত অৱতীর্ণ হোৱাত বাধা নাই; কিন্তু এইবাৰ বিটিচি দখল কৰিবই বুলি দাবী কৰি মুখ্যমন্ত্রীৰ নেতৃত্বত বিজেপিয়ে যি ধৰণে আগ্রাসী প্ৰচাৰ অভিযান চলালে, সি যে হিতে বিপৰীত হ’ল সেয়া ফলাফলেই স্পষ্ট কৰি দিলে।
মুখ্যমন্ত্রীৰ এনে আগ্রাসনৰ ফলস্বৰূপে মাত্র ১৫টা বিধানসভা সমষ্টি থকা পাঁচখন তুলনামূলকভাৱে ক্ষুদ্র জিলাক সামৰি গঠিত এখন পৰিষদ নিৰ্বাচনতে ইয়াৰ প্ৰধান দলকেইটাৰ নেতৃত্বই হেলিকপ্টাৰ উৰুৱাই চমক দিবলৈ বাধ্য হ’ল। বিটিচিৰ পাঁচোখন জিলাত বিজেপিৰ পাঁচজনকৈ ‘প্রভাৱশালী’ মন্ত্রীক ভাৰপ্ৰাপ্ত ৰূপে নিয়োজিত কৰাৰ লগতে ৩০টা পনিষদীয় সমষ্টিত দুজনকৈ মন্ত্রী-বিধায়ক তথা জ্যেষ্ঠ নেতাক নির্বাচনী অভিযান পৰিচালনাৰ গুৰুদায়িত্ব অর্পণ কৰা হ’ল। স্বয়ং মুখ্যমন্ত্রীয়ে দৈনিক তিনি-চাৰিখনকৈ বিটিচিত ডেৰকুৰিৰ পৰা দুকুৰি পৰ্যন্ত বৃহৎ নির্বাচনী সমাবেশত ভাষণ দিলে। প্রচাৰত নামিল কেন্দ্রীয় মন্ত্রীকে ধৰি দলীয় জ্যেষ্ঠ নেতা-মন্ত্রী-বিধায়ক আদি। পৰিৱেশ এনেদৰে গঢ়ি তোলা হ’ল যে এইবাৰ শেনৰ এজাত !
সবাতোকৈ বিপজ্জনক আৰু দুর্ভাগ্যজনক বিষয়টো এয়ে যে এটা পৰিষদৰ নিৰ্বাচনতে শ শ কোটি টকা উৰুওৱা হ’ল। সদ্যসমাপ্ত এই নির্বাচনত শাসক পক্ষৰ প্ৰাৰ্থীসকলৰ প্ৰতিজনে গড়ে আঠৰ পৰা ১৩ কোটি টকা পর্যন্ত ব্যয় কৰিছে। তদুপৰি বিজেপিয়ে কেন্দ্রীয়ভাবে কৰা ব্যয় আছেই। তৎসত্ত্বেও বিজেপিৰ মাত্র পাঁচজন আৰু ইউপিপিএলব সাতজন প্রার্থীয়েহে জয়লাভ কৰিবলৈ সক্ষম হয়। গড়ে ৬৫-৭০ হেজাৰ ভোটাৰবিশিষ্ট একোটা পৰিষদীয় সমষ্টিত এনে বিশাল ব্যয় কৰিবলগীয়া হ’লে আগন্তুক বিধানসভা নির্বাচনত যে একোজন প্রার্থীয়ে কমেও ২০ কোটি টকা ব্যয় কৰিবলৈ বাধ্য হ’ব তাত সন্দেহ নাই। ইয়াৰ জৰিয়তে গণতন্ত্ৰৰ নামত চূডান্ত প্রহসনৰহে সৃষ্টি কৰা হোৱা নাইনে?
অসমৰ একাংশ মুষ্টিমেয় নেতাৰ এক বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে যে প্রতিদ্বন্দ্বী দল-প্রার্থীৰ তুলনাত অধিক ধন ব্যয়ৰ জৰিয়তে নির্বাচনত জয়লাভকৰাটো তেনেই সহজ। সেইবাবেই এইবাৰৰ বিটিচি নির্বাচনতো একেই পন্থা অৱলম্বন কৰি বিটিচি দখল সম্ভৱ হৈ উঠিব বুলি মুখ্যমন্ত্রী অত্যধিক আত্মবিশ্বাসী হৈ পৰিছিল। অৱশ্যে বিটিচিৰ ভোটাৰ ৰাইজে এনে ধাৰণাক মষিমূৰ কৰি পেলালে। এই কথা ক’ব বিচৰা নাই যে বিজয়ী দল-প্রার্থীসকলে ধন ব্যয় নকৰাকৈয়ে সাফল্য লাভ কৰিছে। ভাৰতত যিকোনো নির্বাচনত ধন ব্যয় কৰাটো ইয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশ হৈ পৰিছে। কিন্তু এইবাৰৰ এই পৰিষদীয় নির্বাচনৰ ব্যয় বহুলতাই গণতন্ত্রপ্রেমী ৰাইজক সচকিত কৰি তুলিছে। ইয়াৰ পাছত অত্যধিক বিত্তশালী নহ’লে নির্বাচনত অৱতীর্ণ হ’বলৈকে কোনোরে সাহস নকৰা হ’ব যে সি ধুকপ। ফলস্বৰূপে যিমানেই কলংকিত নহওক কিয়, দুর্নীতি-ভ্রষ্টাচাৰৰে ধনাঢ্য হৈ উঠাসকলেই নির্বাচনী ফলাফলক নিয়ন্ত্ৰণ কৰাৰ সাহস আৰু সুযোগ পাব।
নির্বাচনৰ পূর্বেই নহয়, ফলাফল ঘোষণাৰ পাছতো মুখ্যমন্ত্ৰীৰ ভাষ্য একাধিকবাৰ সাল-সলনি হোৱা সকলোবে দৃষ্টিগোচৰ হৈছে। ফলাফল ঘোষণাৰ পাছদিনা কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ কাষত থিয় হৈ মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে বিজেপি, বিপিএফ, ইউপিপিএল তিনিওটা দলেই যিহেতু এনডিএৰ অংশীদাৰ, সেয়েহে এইবাৰ বিটিচি বিৰোধী শূন্য হ’ল। তদুপৰি তিনিওটা দলেই সমিলমিলৰে কাৰ্যবাহী পৰিষদ গঠন কৰি বিটিচি পৰিচালনা কৰিব বুলি আশা ব্যক্ত কৰে। লগতে সেইদিনা পুৱতি নিশা চাৰি বজাত বিজয়ী বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে তেওঁক চৰকাৰী আৱাসত সাক্ষাৎ কৰি ফলাফলৰ বিষয়ে অৱগত কৰি গৈছে বুলিও প্রকাশ কৰে।
অৱশ্যে সেইদিনাই মহিলাৰীয়ে এনে অবাস্তৱ কথাত ৰগৰ কৰি তেওঁ পুৱা চাৰি বজাত টোপনিৰ পৰাই নুঠে বুলি স্পষ্ট কৰি দিয়ে। বিপিএফে ইতিমধ্যে এই চর্তও দিছে যে ইউপিপিএলক আঁতৰ কৰিলেহে তেওঁলোক এনডিএত চামিল হ’ব। নিৰ্বাচনৰ পূৰ্বৰ পৰাই বিপিএফৰ মুৰব্বী মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠতাৰে বিটিটি পৰিষদ গঠনৰ দাবী কৰি আহিছে। ২০১৮ৰ বিটিটি নির্বাচনত সর্বাধিক আসন লাভ কৰিলেও বিপিএফে সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য আঁতৰত থাকিবলগীয়া হৈছিল। সেই পর্যন্ত বিপিএফ দিল্লী-দিছপুৰ বিজেপিৰ সহযোগী দল আছিল যদিও হঠাতে বিপিএফক এলাগী কৰি ইউপিপিএল আৰু জেএছপিৰ স’তে মিলি বিজেপিয়ে বিটিচিৰ কাৰ্যবাহী পৰিষদ গঠন কৰে। এইক্ষেত্রত বর্তমানৰ মুখ্যমন্ত্রীয়ে তৎপৰ ভূমিকা গ্রহণ কৰা সকলে দৃষ্টিগোচৰ হৈছিল। তদুপৰি বিগত পাঁচ বছৰে মহিলাৰী আৰু বিপিএফেই তেওঁলোকৰ সমালোচনাৰ প্ৰধান লক্ষ্য হৈ পৰে ৷
এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীক বিপিএফে কিমানদূৰ বিশ্বাসত ল’ব, সেয়া আগন্তুক সময়ছোৱাত লক্ষ্যণীয় হ’ব। লগতে ফলাফলে এই কথাও স্পষ্ট কৰিছে যে অবড়ো ৰাইজৰো বৃহৎ পৰিমাণৰ ভোট বিপিএফে লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুও আছে। নির্বাচনত জয়লাভৰ পাছত পুনৰ বিজেপিৰে মিতিৰালি কৰিলে বিপিএফে সেইসকলৰ আস্থা হেৰুৱাব পাবে। এই কথা অভিজ্ঞ ৰাজনীতিক মহিলাৰীৰ অজ্ঞাত নহয়। সন্দেহ নাই যে বিটিচিৰ পৰিচালনাৰ সুচলতাৰ বাবে দিল্লী তথা দিছপুৰ চৰকাৰৰ স’তে সুসম্পর্কৰ প্রয়োজন; কিন্তু সেয়া কিমানদূৰলৈ আগবাঢ়িব পাবে, তাব সীমাৰেখা মহিলাৰীৰ অৱগত বুলিয়ে ধাৰণা কৰিব পাৰি।
বিপুল ধন ব্যয় তথা আগ্রাসী প্ৰচাৰ অভিযানৰ পাছতো আসনৰ সংখ্যা বৃদ্ধি হওক ছাৰি অর্ধেকলৈ হ্রাস পোৱাটোৱে বিজেপিৰ ভিতৰচ’ৰাত জোঁকাৰণি তোলাই স্বাভাবিক। বিয়াগোম মন্ত্ৰীৰ তত্ত্বাবধানত থকাৰ পাছতো কোকৰাঝাৰকে ধৰি একাধিক জিলাত বিজেপিয়ে এখনো আসনত জয়ী হ’বলৈ সক্ষম নোহোৱাৰ পাছত এইসকল দলীয় নেতৃত্বৰ দ্বাৰা জবাবদিহি হ’বনে? সততে সৰু সৰু কথাতে ফোঁপযহী মৰা এনে একাংশ মন্ত্ৰীৰ আচৰণো বিজেপিৰ বিপৰ্যয়ৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে।
উদাহৰণ স্বৰূপে ১২ টা পৰিষদীয় সমষ্টিবিশিষ্ট কোকৰাঝাৰ জিলাত বিজেপিয়ে শূন্যতে ক্ষান্ত থাকিবলগীয়া হ’ল; অথচ দীর্ঘদিন ধৰি এই জিলাৰ দায়িত্বত আছিল নিজৰ বিভাগত চূড়ান্ত ব্যর্থতা প্রদর্শন কৰি অহা মন্ত্রী অশোক সিংহল। তদুপৰি তেওঁ সমগ্র বিটিচিৰ চোৱা-চিতাৰ দায়িত্বতো আছিল। সততে বিৰোধীৰ কথাই নাই, দলৰ নিম্ন পর্যায়ৰ নেতা-কর্মীৰ সন্মুখত বৰমতা দেখুওৱা সিংহলে কিয় এখনো আসনত জয় নিশ্চিত কৰিব নোৱাৰিলে, তাৰ কৈফিয়ৎ নেতৃত্বই ল’ব পাৰিবনে? তেনেদৰেই প্রতিটো পৰিষদীয় সমষ্টিত মন্ত্র-বিধায়ক তথা জ্যেষ্ঠ নেতাক দায়িত্ব প্রদানৰ পাছতো কিয় বিজেপিৰ আসন সংখ্যা অর্ধেকলৈ হ্রাস পালে সেয়া নির্ধাৰণ কৰিব নোৱাৰিলে আগন্তুক সময়ত যে দল যথেষ্ট জটিল প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব তাত সন্দেহ নাই।
এনেবোৰ অস্বস্তিকৰ প্রশ্নৰ সম্মুখীন নহ’বলৈকে ভোটাৰ ৰাইজৰ দ্বাৰা প্ৰত্যাখিত হোৱাৰ পাছতো যিকোনো প্ৰকাৰে বিপিএফৰ সহযোগী হ’বলৈ মুখ্যমন্ত্রীয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি ভবাৰ থল নথকা নহয়।
ফোনঃ ৯৪৩৫০১০৬৭৩
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Editor's spl articlesGuwahatiPranjalsen Deka
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 
News

চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

March 8, 2026
এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ
News

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

March 8, 2026
গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি
News

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
News

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d