Yogi Adityanath:✒️মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত পূৰ্ণগতিত আৰম্ভ হৈছে দীপোৎসৱ ২০২৫ৰ প্ৰস্তুতি । এইবাৰ এই মহোৎসৱৰ আয়োজন দায়িত্ব লৈছে অৱধ বিশ্ববিদ্যালয়ৰ ড° ৰাম মনোহৰ লোহিয়াই।
১৯ অক্টোবৰত অযোধ্যাত আতচবাজীৰ আয়োজন কৰাৰ উদ্যোগ লৈছে পৰ্যটন বিভাগে।প্ৰদূষণমুক্ত, পৰিৱেশ অনুকূল এই অনুষ্ঠানটোৱে এক বৃহৎ চমক।
ভগৱান শ্ৰীৰামৰ নগৰ অযোধ্যাক আলোকিত কৰাৰ বাবে সামগ্ৰিক প্ৰস্তুতি পূৰ্ণগতিত চলিছে। ঘাট চিহ্নিত কৰাৰ আৰু ঘাট চাফা কৰাৰ কাম চলিছে।
বিশ্ববিদ্যালয়ৰ দলটোৱে উপাচাৰ্য কৰ্ণেল ডাঃ বিজেন্দ্ৰ সিঙৰ তত্বাৱধানত কাম কৰিছে। ঘাট সমূহ সুন্দৰ আৰু সুসংগঠিত কৰি তোলাৰ বাবে কাম কৰিছে।
দীপোৎসৱৰ ন’ডেল অফিচাৰ অধ্যাপক শান্ত শৰণ মিশ্ৰই জনাই যে, প্ৰদীপ সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে প্ৰতিটো ব্লকত ৪.৫ বৰ্গফুটৰ এলেকা চিহ্নিত কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ভক্তৰ চলাচলৰ বাবে ২.৫ ফুটৰ পথ ৰখা হৈছে।
দীপোৎসৱৰ বাবে মুঠ ৫৬টা ঘাট চিনাক্ত কৰা হৈছে। এই ঘাটসমূহত লাখ লাখ দীপৰ পোহৰেৰে জিলিকি উঠিব অযোধ্যা।
চিনাক্তকৰণ সমিতিৰ সমন্বয়ক ডাঃ ৰঞ্জন সিঙে (মাইক্ৰ’বায়’লজী বিভাগৰ মুৰব্বী) নিজৰ দলৰ স’তে এই কাম কৰিছে।আশা কৰা হৈছে যে এসপ্তাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, দিপোৎসৱৰ সফল সংগঠনৰ বাবে ত্ৰিশ হেজাৰ স্বেচ্ছাসেৱকৰ অনলাইন পঞ্জীয়ন প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।
অতি শীঘ্ৰেই চাকি যোগানৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব।এই বিশাল উৎসৱে বিশ্ব মঞ্চত অযোধ্যাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয়ক আৰু অধিক উজ্জ্বল কৰি তুলিব বুলি অযোধ্যাবাসীয়ে অনুমান কৰে।






























