Bokakhat: বোকাখাতত জব্দ বৃহৎ পৰিমাণৰ নগদ ধনসহ চাৰিজনক আটক

bokakhat

Bokakhat:

বোকাখাত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই এখন বাহনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় কে’বা লক্ষাধিক টকা । তেজপুৰৰ পৰা যোৰহাটৰ দিশেৰে গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনখনত বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই দুটা বেগৰ পৰা উদ্ধাৰ কৰে ৫০ লাখ টকা ৷ আৰক্ষীয়ে বাহন খনৰ চালক সহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে । লগতে জব্দ কৰে ধন সৰবৰাহত ব্যৱহ্ত এএছ১২-একে-২৮৭৯ নম্বৰৰ বাহনখন ৷ বোকাখাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন লোক কেইজনক জেৰা চলাইছে ৷

Exit mobile version