Hagrama Mohilary :
চতুৰ্থবাৰৰ বাবে বিটিচি পৰিষদৰ মুৰব্বীৰূপে দেওবাৰে শপতগ্ৰহণ অনুষ্ঠানৰ পাছতে সাংবাদিকক মহিলাৰীয়ে কয় যে প্রমোদ বড়োৰ কাৰ্যকালত প্ৰদান কৰা অবৈধ নিযুক্তি বাতিল কৰা হ’ব। তেওঁ কয়, ‘প্রমোদ বড়োৰ সময়ছোৱাত যিখিনি অবৈধ নিযুক্তি দিয়া হৈছে সেয়া বাতিল কৰা হ’ব।’ তেওঁৰ প্ৰথম কাম হ’ব ভূমিপট্টা প্রদান, ইয়াৰ পাছত পর্যায়ক্রমে ৰাস্তা, শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিয়া হ’ব বুলিও কয়। ২০২৬ৰ বিধানসভা নির্বাচনত বিপিএফে মুখ্য ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কোৱাত ধন্যবাদ জনায় মহিলাৰীয়ে। তেওঁ কয়, ‘মুখ্যমন্ত্রীয়ে যদি মোক এইদৰে প্ৰজেক্ট কৰি কৈছে মই আদৰণি জনাইছো, ধন্যবাদ দিছো। আমাৰ দলে যদি মুখ্য ভূমিকা ল’ব পাৰে তেন্তে এয়া অতি শুভ লক্ষণ।’ দিল্লী-কলকাতা-চেন্নাইৰ পাছত মুম্বাইৰ লগতে নেপালতো অতিথিশালা নির্মাণ কৰিব বুলি মহিলাৰীয়ে কয়। তেওঁ কয়, ‘নেপালত আমাৰ বহু বড়ো মানুহ আছে। গতিকে এইবাৰ মুম্বাই আৰু নেপালত অতিথিশালা নিৰ্মাণ কৰা হ’ব।


ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰীক অভিনন্দন জনায়। সামাজিক মাধ্যম টুইটাৰত তেওঁ কয়, ‘বিটিচিৰ মুখ্য কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰাৰ বাবে মই মহিলাৰীক অভিনন্দন জনাইছো। লগতে তেওঁক আৰু তেওঁৰ দলক মোৰ আন্তৰিক শুভেচ্ছাও জনাইছো। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে একেলগে কাম কৰি মহান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰ্শন পূৰণ কৰা আৰু সকলো দিশত বিকাশ নিশ্চিত কৰাৰ বাবে বিটিচি চৰকাৰক সদায় সহায় কৰি যাব।’ প্ৰধানমন্ত্ৰীৰ এই শুভেচ্ছাবাণীয়ে অনাগত দিনত বড়োভূমিলৈ এক বিশেষ আশাৰ বতৰা কঢ়িয়াই আনিছে।






























