শান্তি ঘূৰাই অনাৰ বাবে শুল্কই আহিলা : ট্ৰাম্প

Trump1

Donald Trump:✒️বিশ্বত শান্তি ঘূৰাই অনাৰ বাবে শুল্ক অস্ত্ৰত ছীল মোহৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ৷ ট্ৰাম্পে জনাই শুল্ক অস্ত্ৰ ব্যৱহাৰ নকৰিলে বহু দেশ এতিয়াও যুদ্ধতে থাকিব । এই সন্দৰ্ভত ট্ৰাম্পে অতীতৰ ভগ্ন অভিলেখ পুনৰাবৃত্তি কৰি কয়,এই শুল্কসমূহৰ বাবেই ভাৰত-পাক যুদ্ধ বন্ধ হৈ গ’ল।

সোমবাৰে হোৱাইট হাউছত সংবাদ মাধ্যমৰ সন্মুখীন হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “যদি মোৰ শুল্ক আৰোপ কৰাৰ ক্ষমতা নাথাকিলহেঁতেন, তেন্তে সাতখনৰ ভিতৰত চাৰিখন যুদ্ধ এতিয়াও চলি থাকিলহেঁতেন।”

তাৰ পাছত ভাৰত-পাকিস্তান যুদ্ধৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, “ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত চাওক। লাহে লাহে তেওঁলোকে ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছিল। সাতখন বিমান গুলিওৱা হৈছিল। শুল্ক আৰোপ কৰাৰ ভাবুকিৰ বাবে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি দিছিল।”

ট্ৰাম্পে কয় যে, ” মই তেওঁলোকক যি কৈছিলো সেইটো মই সঠিকভাৱে ক’ব নিবিচাৰো। কিন্তু মই যি কৈছিলো সেয়া অতি ফলপ্ৰসূ আছিল।” ইয়াৰ পাছত ট্ৰাম্পে দাবী কৰে যে, “এই শুল্কে আমেৰিকাক কেৱল আৰ্থিক সুবিধা প্ৰদান কৰাই নহয়, বিশ্বত শান্তি স্থাপনতো সহায় কৰিছিল। আমি বিলিয়ন টকা উপাৰ্জন কৰাৰ লগতে বিশ্বৰ শান্তিপ্ৰেমী হৈ উঠিছে ।”

ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ কৃতিত্ব ট্ৰাম্পে এইটোৱেই প্ৰথম নহয়। যুদ্ধবিৰতিৰ দিনৰে পৰাই তেওঁ ইয়াৰ ক্ৰেডিট দাবী কৰি আহিছে।

স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি ভাৰত চৰকাৰৰ কেবাজনো প্ৰতিনিধিয়ে যদিও দ্বিপাক্ষিক যুদ্ধবিৰতিৰ কথা কৈছে, তথাপিও তৃতীয় পক্ষৰ মধ্যস্থতা হোৱা নাছিল বুলিও কৈছে।

সেই কথা মোদীয়ে পোনপটীয়াকৈ ফোনযোগে ট্ৰাম্পক স্পষ্ট কৰি দিয়ে।ভাৰত চৰকাৰেও ট্ৰাম্পৰ এই দাবীক অস্বীকাৰ কৰি কেবাটাও বিবৃতি প্ৰকাশ কৰিছে। অৱশ্যে নোবেলৰ ভোকাতুৰ ট্ৰাম্পে মিছা ক্ৰেডিট লোৱাৰ ক্ষেত্ৰত অটল।

Exit mobile version