শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কিয় নিজৰে ক্ষতি কৰে, তাক লৈ গৱেষণা

IMG 20251007 105413

scientists:শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতাই কেতিয়াবা নিজৰ অংগ-প্রত্যংগকে আক্ৰমণ কৰে। তেনে সময়ত কৰ্কটৰ লেখীয়া ৰোগৰ উদ্ভৱ হ’ব পাৰে। শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ব্যৱস্থাই কিয় নিজকে আক্রমণ কৰে তাক লৈ কৰা গৱেষণাৰ বাবে তিনিজন বিজ্ঞানীয়ে চলিত ২০২৫ৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে।

ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি এইবাৰ মেৰী ব্রাংক’, ফ্রেড ৰামছডেল আৰু শ্বিমন ছাকাণ্ডচিয়ে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে। এই তিনি বিজ্ঞানীয়ে শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ব্যৱস্থাক লৈ কৰা এই গৱেষণা কৰ্কটৰ দৰে ৰোগৰ চিকিৎসাৰ নতুন পদ্ধতি উদ্ভাৱনৰ আধাৰ স্থাপন কৰিলে।

এই তিনি বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে যে শৰীৰৰ নিয়ন্ত্রক টি-কোষ (ৰেগুলেটৰী টি চেল) সমূহে কৰ্কটৰ দৰে ৰোগ প্ৰতিৰোধ কৰে। মানুহৰ দেহত ৰোগ প্ৰতিৰোধৰ কাম কৰে টি-কোষে। এই কোষসমূহে বীজাণুৰ আক্রমণ প্ৰতিৰোধ কৰে। একেদৰে নিয়ন্ত্রক টি-কোষসমূহ কৰ্কটৰ দৰে ৰোগ অৰ্থাৎ অ’ট’ইমিউন ৰোগ প্ৰতিৰোধৰ স’তে জড়িত বুলি এই তিনি বিজ্ঞানীয়ে প্রমাণ সহকাৰে প্ৰতিপন্ন কৰিছে।

গতিকে এনে ব্যাধিৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন পদ্ধতি উদ্ভাৱনৰ বাট কাটিলে এই তিনি চিকিৎসা বিজ্ঞানীয়ে। এই সফলতাৰ সূত্রে তিনিও বিজ্ঞানীলৈ এই সম্মানীয় বঁটা আগবঢ়োৱা হৈছে। এই বঁটাৰ স’তে আছে ১১ নিযুত ছুইডিছ ক্রাউন বা ভাৰতীয় মূল্যত ১০ কোটিবো অধিক টকা। এই সম্মানীয় বঁটাপ্রাপক তিনি কৃতি বিজ্ঞানীৰ অন্যতম ব্রাংক’ সম্প্রতি আমেৰিকাৰ ছিয়াটেল ইনষ্টিটিউট ফ’ৰ ছিষ্টেমছ বায়’ল’জীৰ জ্যেষ্ঠ কর্মসূচী প্রবন্ধকৰূপে কৰ্মৰত হৈ আছে।

তেওঁ প্রিন্সটম বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্রী গ্রহণ কৰে। আনহাতে, ৰামছডেল লছ এঞ্জেলছৰ কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্রীধাৰী। সম্প্রতি তেওঁ ছেন ফ্রান্সিছকোৰ সোনোমা বায় ‘থেৰাপেটিক্সৰ বৈজ্ঞানিক পৰামৰ্শদাতাৰূপে কৰ্মৰত হৈ আছে। আনজন কৃতি বিজ্ঞানী ছাকাগুচি জাপানৰ ক্রিয়েট’ বিশ্ববিদ্যালয়ৰ পিএইচডিৰ ডিগ্রীধাৰী। বর্তমানে তেওঁ জাপানৰে ওছাকা বিশ্ববিদ্যালয়ৰ ইমিউন’ল’জী ফ্রন্টিয়াৰ বিচাৰ্চ চেন্টাৰত অধ্যাপকৰূপে কার্যনির্বাহ কৰি আছে।

উল্লেখ্য যে ডিনামাইট আৱিষ্কাৰক আর্ফেড ন’বেলৰ ইচ্ছাপত্র অনুসৰি বিজ্ঞান, সাহিত্য, শান্তি আৰু অর্থনীতিত প্ৰতি বছৰে ন’বেল বঁটা প্ৰদান কৰি অহা হৈছে। অৱশ্যে অর্থনীতিৰ ন’বেল বঁটা ১৯৬২তহে সংযোজিত হয়। অর্থনীতিৰ ন’বেল বঁটাৰ পুঁজি যোগান ধৰে ছুইডেনৰ ৰিক্সবেংকে। ন’বেল বঁটা প্রাপকসকলক বিশেষজ্ঞৰে গঠিত বিভিন্ন সমিতিয়ে বাছনি কৰে।

শান্তিৰ ন’বেল বঁটাৰ বাহিৰে আনকেইটা শিতানৰ ন’বেল বঁটাপ্রাপকসকলক ছুইডেনৰ ৰাজধানী ষ্টকহ’মত বঁটা প্ৰদান কৰা হয়। শান্তিৰ ন’বেল বঁটা নৰৱেৰ ৰাজধানী অছ’লত প্রদান কৰা হয়। উল্লেখ্য যে এতিয়ালৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্রাপকসকলৰ মাজত পেনিছিলিন আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙো আছে। প্রতি বছৰে আলফ্রেড ন’বেলৰ মৃত্যুৰ দিনটোত অর্থাৎ ১০ ডিচেম্বৰত ন’বেল বঁটা প্ৰদান কৰা হয়।

Exit mobile version