Zubeen Garg:✒️শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ গ্রেপ্তাৰ হোৱা শ্যামকানু মহন্তৰ ধনৰ লেনদেনৰ তথ্য সোমবাৰে প্রবর্তক সঞ্চালকালয়ে পৰীক্ষা কৰে। লগতে অভিযুক্তজনক সোধপোছো কৰা কৰা হয়। সঞ্চালকালয়ৰ তিনিজনীয়া এটা দল সোমবাৰে অসম আৰক্ষীৰ চিআইডিৰ মূখ্য কার্যালয়ত উপস্থিত হয়।
উল্লেখ্য যে জুবিনৰ হত্যাৰ তদন্তৰ সময়তে শ্যামকানুৰ অপাৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহে। ধনৰ লেনেদেনৰ সন্দেহজনক বহু তথ্য বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ উদ্ধাৰ কৰে। বেআইনী তথা জালিয়াতিৰে চৰকাৰী আঁচনিৰ কোটি কোটি টকাও সৰকাই নিয়াৰ সন্দেহ কৰা হৈছে।
বৃহৎ এনে লেনদেনৰ বিষয়টো ইডি আৰু আয়কৰ বিভাগৰ দ্বাৰা পৰীক্ষা তথা তদন্ত কৰা হয়। সেই অনুসৰি, কালি চিআইডিৰ কাৰ্যালয়ত পুৱাতে দলটো উপস্থিত হয়। নর্থ-ইষ্ট ফেস্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্তৰ ধনৰ লেনদেনৰ বিষয়টোক লৈ চিআইডিয়ে ১৯/২০২৫ নম্বৰ এটা গোচৰো ৰুজু কৰিছে। ইডিয়ে এই গোচৰটোৰে আজি তদন্ত চলায়।
ট্রেন্ড এমএমএছ নামৰ সংস্থাৰ জৰিয়তে শ্যামকানুৱে দেশে-বিদেশে নর্থ-ইষ্ট ফেস্টিভেল অনুষ্ঠিত কৰি আহিছে। একেদৰে ৰঙালী নামৰ আন এক বৃহৎ অনুষ্ঠানৰো আয়োজন কৰি আহিছে। বিশেষকৈ নর্থ-ইষ্ট ফেষ্টিভেলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চৰকাৰী আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আদায় কৰি আহিছে। আনকি কেন্দ্ৰীয় চৰকাৰৰ কে’বাটাও মন্ত্রণালয়ৰ পৰাও ইয়াৰ নামতে পুঁজি আদায় লৈ আহিছে। অভিযোগ অনুসৰি, পুঁজি আদায়ত বৃহৎ খেলি-মেলি তথা জালিয়াতিৰ অভিযোগ শ্যামকানুৰ বিৰুদ্ধে উত্থাপিত হৈছে।
সোমবাৰে সেই প্ৰসংগতে ইডিৰ দলে নথিপত্ৰ পৰীক্ষা কৰাৰ উপৰি শ্যামকানুকো সোধপোছ কৰে। এই বিষয়টোতে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ পৰাও প্রাথমিক তথ্য সংগ্ৰহ কৰা হয়। অনিতা ডেকা মহন্ত ট্রেন্ড এমএমএছৰ অন্যতম সঞ্চালক। উল্লেখ্য যে শ্যামকানু চিআইডিৰ হাতত বন্দী হৈ থকাৰ পৰিপ্ৰেক্ষিতত অনিতা ডেকা মহন্ত দৈনিক চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয়। প্রতিদিনে শ্যামকানুৰ বাবে লৈ যায় কাপোৰৰ টোপোলা। আজিও তেনেদৰেই তেওঁ কার্যালয়ত উপস্থিত হৈছিল। তাৰ মাজতে তেওঁৰ পৰা তথ্য সংগ্ৰহ কৰা হয়।
সময় উকলিল প্ৰৱাসী অসমীয়াৰ
জুবিনৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা ছিংগাপুৰৰ বাসিন্দা আঠ অসমীয়া সোমবাৰে ভিতৰত এছআইটিৰ আগত হাজিৰ হ’বলৈ জাননী দিয়া হৈছিল; কিন্তু নির্ধাৰিত সময়ত এজনো উপস্থিত নহ’ল। সেইসকলৰ ভিতৰৰ ৰূপকমল কলিতা আজি হাজিৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, সিদ্ধার্থ বৰা, পৰীক্ষিত শৰ্মা, ব্রাজিদ আহমেদ আৰু ভাস্কৰ দত্তৰ লগত এতিয়ালৈকে এছআইটিৰ আগত হাজিৰ হোৱা সন্দর্ভত কোনো যোগাযোগ হোৱা নাই। তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰৰ লগত যোগাযোগ হৈছিল যদিও বিষয়টো আগবঢ়া নাই।
দেহৰক্ষীৰ একাউণ্টত ধনৰ লেনদেন
এছআইটিয়ে জুবিন গাৰ্গৰ লগতে তেওঁৰ লগত ঘনিষ্ঠ সম্পর্ক থকাসকলৰ সকলো তথ্য পৰীক্ষা অব্যাহত ৰাখিছে। এই তথ্য পৰীক্ষাতে জুবিনৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ একাউণ্টৰ জৰিয়তে কোটি টকা লেনদেনৰ তথ্য পোহৰলৈ আহিছে। গুগলপে’ৰ জৰিয়তেও বৃহৎ ধনৰ লেনদেনৰ তথ্য উদ্ধাৰ হৈছে। ইয়াকে লৈ কালি দেহৰক্ষী বৰাক এছআইটিয়ে সোধপোছ কৰে। সূত্ৰত প্রকাশ যে জুবিনে কামৰ বিনিময়ত টকাৰ হিচাপ নাৰাখিছিল। তাৰ বাবে দেহৰক্ষী বৰাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিছিল। সেই সূত্ৰে বৰাৰ একাউণ্টৰ জৰিয়তে লেনদেনৰ প্ৰাথমিক তথ্য এছআইটিয়ে লাভ কৰিছে।
নতুনকৈ কে’বাজনকো সোধপোছ
ইপিনে, সোমবাৰে এছআইটিয়ে প্রয়াত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভ্রাতৃ ঋতুপ্রয়াগ গাৰ্গৰো বক্তব্য সংগ্ৰহ কৰে। তদুপৰি জুবিনৰ গুৱাহাটীৰ জোনালীত থকা কৰ্মচাৰী অভিমন্যু তাঁতী আৰু ব্যক্তিগত সহায়ক সাধন নাথৰো ভাষ্য গ্রহণ কৰে। কালি ভাষ্য গ্রহণ কৰা হয় গায়িকা প্ৰাৰ্থনা বৰাৰ। অলপতে জুবিনৰ লগত প্রার্থনাৰ এটি গীত বাণীবদ্ধ হোৱাৰ কথা আছিল। জুবিনৰ এজন গাড়ী চালকৰ ভাষ্যও কালি এছআইটিয়ে গ্রহণ কৰে। উল্লেখ্য যে জুবিনৰ ম’বাইল ফোনটোত যোৱা প্রায় ডেৰ মাহৰ ভিতৰত যিসকলৰ যোগাযোগৰ তথ্য উদ্ধাৰ হৈছে সেইসকলৰ পৰা এছআইটিয়ে ভাষ্য সংগ্রহ অব্যাহত ৰাখিছে।






























