Gaurav Gogoi:✒️জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ অসম আৰক্ষীৰ চিআইডিয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰখাৰ সময়ছোৱাত এই বিষয়টোক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে।
জুবিনৰ মৃত্যুৰ প্ৰসংগত কেতবোৰ বিষয় বিজেপিৰ আইটি চেলৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈছে বুলি অভিযোগ তুলি এক প্ৰেছ বাৰ্তাৰ জৰিয়তে সাংসদ গগৈয়ে কয়, ‘যোৱা কিছুদিন ধৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ আইটি চেলে কৈ থকা কথাবোৰৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে। এতিয়া এওঁলোকৰ কথা-বাৰ্তাৰ কোনো মর্যাদা নোহোৱা হৈ পৰিছে।’
লগতে তেওঁ কয়, ‘স্বর্গগামী পৱিত্ৰ আত্মাৰ ওপৰত প্ৰশ্ন তোলাৰ লগতে আৰক্ষীৰ হতুৱাই শক্তি প্ৰদৰ্শন কৰাৰ বাহিৰে মুখ্যমন্ত্ৰীৰ হাতত যেন বর্তমান আৰু কোনো বিকল্প নাই। তেওঁ পাহৰি গৈছে যে অসমবাসীয়ে এতিয়াও এক গভীৰ বিষাদৰ সময় পাৰ কৰি আছে। ক্ষমতা হেৰুওৱাৰ ভয়ে তেওঁক এনে এক পর্যায়লৈ লৈ গৈছে যে তেওঁ মানৱীয়তাকো পাহৰি গৈছে। মই এতিয়াও অপেক্ষা কৰিম যে মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ স’তে জড়িত সকলো তথ্য জনসাধাৰণৰ সন্মুখলৈ আনিব। লগতে অসমবাসীয়ে এইটোও জানিব বিচাৰে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নর্থ-ইষ্ট ফেষ্টিভেল কেনেকৈ চলি আছিল।’
উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলি থকাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীক অযথা কথা নক’বলৈ আহ্বান জনাই প্রদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, ‘মুখ্যমন্ত্রী ডাঙৰীয়াই অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক, অন্যথা আপুনি ২০২৬ৰ পূৰ্বেই আপোনাৰ প্ৰিয় চকীখন হেৰুৱাব লাগিব।’






























