Cid Headquarter: শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই চিআইডি কাৰ্যালয়ত স্বামীক সাক্ষাৎ কৰিবলৈ আহোতে লৈ অনাৰ কিতাপত ওলাল এখিলা বগা কাগজ

কাগজখনত লিখা আছিল প্ৰাৰ্থনাৰ শ্লোক ,কিতাপ নিয়াত বাধাৰোপ চিআইডি

sam 2

Cid Headquarter:

১৪ দিনৰ বাবে চিআইডিৰ লকআপৰ আলহী হৈ থকা শ্যামকানু মহন্তক সাক্ষাৎ কৰিবলৈ দৈনিক আহযাহ কৰে পত্নী অনিতা ডেকা মহন্তই ৷ কেতিয়াবা যদি খাদ্য আনে ,কেতিয়াবা লৈ আনে কাপোৰ – কানী সহ দৰৱপাতি। কিন্ত খাদ্য নিয়াত বাধাৰোপ কৰি আহিছে চিআইডিয়ে ।
মঙলবাৰে স্বামীক দিবলৈ অনিতা ডেকা মহন্তই আনিলে কিতাপ ৷ কিন্ত চিআইডি হেডকোৱাৰ্টাৰত কৰ্মৰত ৰক্ষীয়ে কিতাপ খনৰ পাত লুটিয়াই চাওতেই ওলাই পৰে এখিলা বগা কাগজ ৷ কাগজ খনত লিখা আছে
‘হে কৃষ্ণ লক্ষ্মীনাথ, ব্ৰজেৰ বান্ধৱ হৰি হে ৰাম ব্ৰজ দুখ অতি বিনাশন দুখ সংসাৰত পৰি আছো আমি ব্রজবাসী গোবিন্দে কৰিব নিবর্তন”(চাৰি-পাঁচবাৰ মান গাব লাগে) ৷ প্ৰাৰ্থনা শ্লোক লিখা বগা কাগজ সহ কিতাপখন নিয়াত বাধা আৰোপ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ অৱশ্যে পিছত কিতাপ নিদিয়াকৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে অনিতা ডেকা মহন্তই ৷
Exit mobile version