Dibrugarh Zubeen Garg Urban Forest:
ডিব্ৰুগড় মহানগৰৰ হাওফাও সদৃশ দক্ষিণ জালান চাহ বাগিচাক “জুবিন গাৰ্গ সেউজ বনাঞ্চল হিচাপে গঢ়ি তোলাৰ আহ্বান* জনাইছে বহনক্ষম সেউজ ডিব্ৰুগড় নামৰ সামাজিক সংগঠন টোৰ। ইতিমধ্যে চাহ বাগিচাখন ধ্বংস কৰি খণ্ড খণ্ডকৈ বিক্ৰী কৰি সেউজ বনাঞ্চল নিঃশেষ কৰিব খোজা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি সংবাদ মাধ্যমক সম্বোধন কৰে। ইয়াৰ পূৰ্বে বহনক্ষম সেউজ ডিব্ৰুগড়ে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছিল।
বহনক্ষম সেউজ ডিব্ৰুগড়ৰ অন্যতম আহ্বায়িকা তথা বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে সংবাদ মাধ্যমক কয় যে, নগৰায়ণৰ তীব্ৰ গতিশীলতাই প্রকৃতিক ধ্বংস কৰি আহিছে অসমৰ চাহ নগৰী হিচাপে খ্যাত তথা অসমৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড়ৰ মাজমজিয়াৰ সেউজীয়া চাহ বাগিছাবোৰে, তাত থকা গছবোৰে নগৰখনৰ সৌন্দৰ্য্য ৰক্ষা কৰাৰ উপৰিও প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰি আহিছে কিন্তু শেহতীয়াকৈ এই বাগিছাবোৰ খণ্ড খণ্ডকৈ ধ্বংস কৰি তাত আবাসিক ঘৰ-দোৱাৰ, হোটেল, ধর্মীয় গৃহ, বাণিজ্যিক ক্ষেত্র আদি গঢ়ি তোলা পৰিলক্ষিত হৈছ।
চাহ নগৰী ডিব্ৰুগডৰ সোমাজত থকা প্ৰায় ২০০ বিঘা ভূমিৰ সেউজ চাহ বাগিছা অঞ্চলটো বাগিচা কৰ্তৃপক্ষই বিক্ৰীৰ দ্বাৰা এখন কংক্রিটৰ বানিজ্যিক স্থল কৰাৰ পৰিৱৰ্তে বৰ্তমানে বিশ্বৰ তথা ভাৰতবৰ্ষত মূল মহানগৰ সমূহত কর্তৃপক্ষসমূহে স্থাপন কৰা Urban Forest (নগৰ কেন্দ্ৰীক বনাঞ্চল)ৰ দৰে ডিব্ৰুগড় চহৰৰ সোমাজতে থকা উক্ত চাহ বাগিচা অঞ্চলখিনি সেই প্ৰকল্পৰ অধীনত সংৰক্ষণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে স্থানীয় জনগণক সচেতন কৰাৰ বাবে উক্ত সংস্থাই প্রয়াস কৰি আহিছে। চাহ বাগিচাৰ ক্ষেত্ৰত বিশেষভাৱে প্রযোজ্য হোৱা আইন Assam Fixation of Celling on Land Holding Act 1956ৰ অধীনত ৪ আৰু ৫ নং ধাৰা কোনো ভূমিৰ স্বত্বাধিকাৰীয়ে ৫০ বিঘাতকৈ অধিক ভূমি কেৱল চাহ খেতিৰ বাবেহে নিজৰ নামত ৰাজহ নথিত নথিভূক্ত কৰি ৰাখিব পাৰে।১৯৭১ চনত এই আইন সংশোধনত চাহ খেতিক ‘এক বিশেষ খেতি’ শ্ৰেণীৰ মৰ্যাদা দিয়া হৈছিল আৰু এই সংশোধনৰ পাছৰ পৰা চাহ খেতি আৰু ইয়াৰ উৎপাদনত ব্যৱহৃত ভূমি আইনখনৰ উক্ত ধাৰাৰ পৰা ৰেহাই দিয়া হৈছিল। কোনো স্বাত্বাধিকাৰীয়ে ৫০ বিঘাতকৈ অধিক ভূমি অন্য কামত ব্যৱহাৰ কৰিলে চৰকাৰে উক্ত আইনৰ অধীনত সেই ভুমি হস্তগত কৰি চৰকাৰীকৰণ কৰিব পৰাৰ ক্ষমতা উক্ত আইনে প্ৰদান কৰিছে। ৰাজ্যত প্ৰচলিত আন এখন আইন The Assam Agricultural Land (Regulation of Reclassification and Transfer for Non- Agricultural Purpose) Act, 2015 অনুসৰি চাহ বাগিচাৰ ভুমি চৰকাৰৰ পৰা বিশেষ অনুমতি দ্বাৰা শ্ৰেনী সলনি আৰু পট্ৰা পৰিবৰ্তন নকৰাকৈ আন কোনো কাৰ্য্যত ব্যৱহাৰত নিশেধাজ্ঞ আছে। গুৱাহাটী উচ্চ ন্যায়লয়ৰ M/s. Green View Tea & Industries Vs. Collector, Golaghat, Assam & Anr., 2004 চনৰ গোচৰটোৰ ৰায়দানত ন্যায়ালয়ে উক্ত বিষয়টোকে স্পষ্টভাৱে আলোকপাত কৰে।
‘

চাচটেইনিবল গ্রীণ ডিব্ৰুগড়’ বিগত এটা বৰ্ষৰ পৰা ডিব্ৰুগড় নগৰৰ সোমাজত থকা সেউজীয়া বণ-বৃক্ষৰে পৰিপূৰ্ণ সেউজ অঞ্চলটো ৰক্ষা কৰিবলৈ নিৰবিছিন্নভাৱে প্ৰচেষ্টা চলাই অহা সংস্থাটোয়ে বন ধ্বংসকৰণৰ বিৰুদ্ধে প্রতিবাদী সমদল, গছপুলি ৰোপণৰ কাৰ্য্যসূচী গ্ৰহণ কৰি গণতান্ত্রিক আন্দোলন অব্যাহত ৰাখিছে। তাৰোপৰি, সংস্থাটোৱে ‘সংবাদ মেল’ৰ যোগেদি জনসাধাৰণক সচেতন কৰাৰ বাবেও প্রচেষ্টা অব্যাহত ৰাখিছে এই কাৰ্যসমূহৰ মাজত, সংস্থাটোৱে জালান বাগিচাৰ কৰ্তৃপক্ষৰ লগত এই বিষয়ে প্রত্যক্ষভাৱে আলোচনা কৰাৰ উপৰিও বন-বৃক্ষ ধ্বংসৰ সম্পর্কে জিলা আয়ুক্ত কাৰ্য্যালয়ত আৰু জিলা বন সংমণ্ডলৰ কার্যালয়ত অভিযোগ দাখিল কৰে।
দূর্ভাগ্যজনকভাৱে বাগিচা কর্তৃপক্ষই বর্তমান সময়লৈকে গছ কটা আৰু বাগিছাখন বিভিন্ন কাৰ্য্যকলাপেৰে পৰ্যায়ক্রমে বিলোপ কৰি আহিছে। ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সমগ্র বিষয়টো অবগত কৰাত তেওঁ অতি সােনকালে এই ক্ষেত্রত বিহিত ব্যৱস্থা লোৱা হ’ব বুলি মত প্রকাশ কৰা লগতে জিলা আয়ুক্তক এশ বিঘা ভূমিৰ চৰকাৰী অধিগ্রহণেৰে Urban Forest (নগৰ কেন্দ্ৰীক বনাঞ্চল)ৰ স্থাপন কৰা বিষয়টোৰ ওপৰত প্ৰতিবেদন প্রস্তুত কৰিবলৈ আহ্বান জনাইছিল বুলি সংবাদমেলত উল্লেখ কৰে।
দক্ষিণ ভাৰতৰ বাংগালোৰ, হায়দৰাবাদ আদি বৃহৎ মহানগৰৰ মাজভাগত মানুহৰ সু স্বাস্থ্য, পশু-পক্ষী তথা জীৱকুলৰ সুৰক্ষাৰ ডাঙৰ ডাঙৰ এলেকা চৰকাৰে সংৰক্ষণ কৰি সেই মহানগৰবিলাকৰ সৌন্দৰ্যৰ লগতে জলবায়ু প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা কৰিছে।
তেনে ধৰণেই সমগ্র ডিব্রুগড়বাসীৰ কল্যানৰ বাবে তথা সেউজ পৃথিৱী এখন ৰক্ষাৰ স্বাৰ্থত চৰকাৰে ডিব্ৰুগড় মহানগৰৰ মাজত থকা চাহ বাগিচা পৰিসৰখিনি মালিকপক্ষক অধিগ্ৰহণৰ মূল্য আদায় দি নগৰ Urban Forest কেন্দ্রীক বনাঞ্চল স্থাপনৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰাৰ লগতে ভৱিষ্যতৰ প্ৰ্তি লক্ষ্য ৰাখি কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাইছে।
ADVERTISEMENT




































