Gogamukh:
অসম বৈদিক সনাতন ধর্ম আদি গুৰু শ্রীমন্ত শঙ্কৰদেৱ আছিল, সাহিত্য, সাংস্কৃতিক, ধার্মিক, সামাজিক প্রেক্ষাপটৰ নতুন সংস্কৃতিব বার্তাবাহক ,সনাতন ধর্ম প্ৰতিষ্ঠা কালৰে পৰা বৈদিক পৰম্পৰাৰে বৈদিক সনাতন সমাজৰ প্ৰসাৰ ঘটাই মানৱ জাতিক আধ্যাত্মিক জ্ঞান দি আহিছে গুক জনাই গীত-মাত, ভটিমা, খোল-তাল, বাদ্যৰে সমৃদ্ধি কৰি অসমীয়া জাতিটোক একতা দোলেৰে বান্ধি বিশ্বৰ দৰবাৰত এক গৌৰৱময় স্থান দি থৈ গৈছে , গোগামুখ বাৰচহৰীয়া বৈদিক সনাতন সমাজৰ উদ্যোগত বিগত বছৰৰ দৰে, এই বছৰো চতুর্থ দ্বি-বার্ষিক প্রতিষ্ঠা দিৱস লগতে শ্রীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তী দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে কদমগুৰি কাঁহিপৰা গাঁৱৰ হৰি মন্দিৰত উদ্যাপন কৰে I
পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ কৰা হয়। পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে ক্ষীৰোদ গগৈ লক্ষীৰাম গগৈয়ে। পুৱা ৭-৩০ বজাত শৰাই প্রতিষ্ঠা কৰে চন্দ্ৰ বৰুৱাই। ৮ বজাত ধর্মধ্বজা পতাকা উত্তোলন কৰে বাৰেচহৰীয়া সমাজৰ সভাপতি সোমেশ্বৰ বড়াই । পুৱা ৯ বজাত পুৱাৰ প্ৰসংগৰ আঁত ধৰে ডিম্বেশ্বৰ ফুকনে , দিনৰ ১ বজাত বৰগীত, দশ অৱতাৰ, নৃত্য,কুইজ,চিত্ৰাংকন প্ৰতিযোগিতায়ো আয়োজন কৰে , মুকলি সভাৰ আত ধৰে বাৰেচহৰীয়া সমাজৰ সাধাৰণ সম্পাদক উপেন গগৈয়ে মুকলি সভাত নিদিষ্ট বক্তা হিচাবে অনিল চুতীয়া, আমন্ত্ৰিত অতিথি হিচাপে বলিন চেতিয়াৰ লগতে বিশিষ্ট অতিথি ৰূপে বীনা বৰুৱাই অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়াই যোৱা অনবদ্য অৱদান কৃষ্টি-সংস্কৃতি আৰু সৃষ্টিৰাজিৰ সন্দর্ভত ভাষণ আগবঢ়ায়।
নিশা অনুষ্ঠিত কু-মৰ হৰণ হৰিহৰ যুদ্ধ শীৰ্ষক ভাওনাও আয়োজন কৰে । মহাপুৰুষজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী উৎসৱত হৰিনামৰ মধ্য মিংমাং অঞ্চল মুখৰ কৰি তোলে প্ৰায় তিনি হাজাৰ ভকত বৈষ্ণৱে ।
ADVERTISEMENT




































