Mira Barthakur: প্ৰদেশ মহিলা কংগ্ৰেছৰ পুৰণি সমিতি ভংগক লৈ ক্ষুন্ন মীৰা বৰঠাকুৰ

এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ,পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ চি বেণুগোপাল, জিতেন্দ্র সিং ,মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্রী আৰু দেৱব্ৰত শইকীয়ালৈ

mira 2

Mira Barthakur:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে অন্তঃকলহ। প্ৰদেশ মহিলা কংগ্ৰেছৰ পুৰনা কমিটি হঠাতে ভংগ কৰাক লৈ আৰম্ভ হৈছে অন্তকলহ।
প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ স’তে কোনো আলোচনা নকৰাকৈ হঠাতে জিলা সমিতি সমূহ ভংগ কৰাৰ লৈ নাৰাজ মীৰা বৰঠাকুৰে ইতিমধ্যে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷
আনহাতে পত্ৰৰ প্রতিলিপি প্ৰেৰণ কৰে এআইচিচিৰ দুই সাধাৰণ সম্পাদক চি বেণুগোপাল, জিতেন্দ্র সিং,মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ।
উল্লেখ্য যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা পত্ৰ খনিত মীৰা বৰঠাকুৰে জিলা সমিতি সমূহ ভংগ কৰা বিষয়টো পুনৰ বিবেচনাৰ আহ্বান জনাই ৷
Exit mobile version