মঙল গ্ৰহৰ স’তে মিল আছে পৃথিৱীৰ এক অঞ্চলৰ

IMG 20251008 110704

এই পৃথিৱী এক অসাধাৰণ স্থান, বিস্ময় তথা ৰহস্যৰে পৰিপূৰ্ণ। সেইবাবেই বিজ্ঞানী আৰু আৰোহণকাৰীৰ বাবে পৃথিৱীখন অতি ৰোমান্সকৰ। পৃথিৱীত আমি পৰিৱেশৰ অবিশ্বাস্য বৈচিত্র্য দেখা পাওঁ। যাৰ ভিতৰত আছে প্ৰাণৰ স্ফূৰণ, জীৱ বৈচিত্র্যপূর্ণ আমাজন বৰ্ষাৰণ্যৰ পৰা আৰম্ভ কৰি বৰফৰে আবৃত আশ্রয়হীন এন্টার্কটিকা, হিমায়িত মৰুভূমি।ছাহাৰা মৰুভূমি বা থৰ মৰুভূমিৰ চৰম উত্তাপ তথা মৰুভূমি।

শুষ্কতাই জীৱনক প্রত্যাহ্বানৰ সম্মুখত থিয় কৰায়। আনহাতে, এন্টার্কটিকাৰ হিমায়িত মেকমূর্ভো উপত্যকা সমগ্ৰ বছৰতে বৰফৰে পৰিপূৰ্ণ তথা কে’বা দশক ধৰি এই অঞ্চল আর্দ্রতাহীন, শুকান। এই ৰহস্যবোৰ যেন বিজ্ঞানী মহলৰ বাবে এক পৰীক্ষাগাৰ। গৱেষকসকলে জলবায়ুৰ পাৰ্থক্য বুজিবলৈ এই স্থানবোৰ ব্যৱহাৰ কৰে।

উল্লেখ্য যে এই পৃথিৱীতে এনে এক অনন্য অঞ্চল আছে, যাৰ পৰিৱেশগত সাদৃশ্য আছে মঙল গ্ৰহৰ স’তে। আমি যেতিয়া শুকান অঞ্চলৰ কল্পনা কৰো, তেতিয়া আমি প্রায়েই এক উষ্ণ মৰুভূমিৰ কথা চিন্তা কৰো। যেনে ছাহাৰা বা থৰ মৰুভূমি। অথচ এই পৃথিবীতে এনে ঠাণ্ডা তথা শুকান অঞ্চল পোৱা যায় যাক বিজ্ঞানীসকলে প্রাকৃতিক পৰীক্ষাগাৰৰূপে ব্যৱহাৰ কৰে।

ইয়াৰ পৰিস্থিতি ইমানেই চৰম যে বিজ্ঞানীসকলে জীৱনৰ সীমা অধ্যয়ন কৰিবলৈ তথা মঙল গ্ৰহৰ দৰে পৰিৱেশ অনকৰণ কৰিবলৈ সেই পৰিস্থিতিয়ে সাহায্য কৰে।

এই অঞ্চলসমূহৰ সবাতোকৈ বিখ্যাত উদাহৰণ হৈছে এন্টার্কটিকাৰ মেকমুর্ডো উপত্যকা। বৰফাবৃত হৈ থকা সত্ত্বেও মেকমুডোক পৃথিৱীৰ সবাতোকৈ শুকান স্থানসমূহৰ অন্যতমৰূপে বিবেচনা কৰা হয়। ইয়াৰ বতাহ প্ৰচুৰ ঠাণ্ডা আৰু তীব্ৰ হোৱাৰ বাবে মাটি আৰু বৰফৰ পৰা সকলো আর্দ্রতা সম্পূৰ্ণৰূপে শুহি পেলাব পাৰে।

বিজ্ঞানীসকলে বিশ্বাস কৰে যে অন্ততঃ মেকমুর্ডো উপত্যকাৰ কিছু কিছু স্থানত লাখ লাখ বছৰ ধৰি বৰষুণ বা তুষাৰপাত হোৱা নাই। এই কাৰণেই এই অঞ্চলক পৃথিৱীৰ সবাতোকৈ চৰম তথা কঠোৰ মৰুভূমিৰূপে উল্লেখ কৰা হয়।

নাছা তথা অন্যান্য মহাকাশ গবেষণা সংস্থাসমূহে মঙল গ্ৰহৰ পৃষ্ঠৰ স’তে সাদৃশ্যপূৰ্ণ পৰিস্থিতি অধ্যয়নৰ বাবে ইয়াক ব্যৱহাৰ কৰে। এই অঞ্চলৰ পৰিৱেশ, তাপমাত্রা আৰু শুষ্কতা মঙল গ্ৰহৰ পৃষ্ঠৰ স’তে ঘনিষ্ঠভাৱে সাদৃশ্যপূর্ণ। সেইবাবেই বিজ্ঞানীসকলে মঙলত জীৱনৰ লক্ষণ অনুসন্ধানৰ বাবে এই স্থানত পৰীক্ষা-নিৰীক্ষা চলায়। তাৰ লগতে এই অঞ্চলৰ মাটিৰ প্রকৃতি, শুষ্কৰ স’তে তাপমাত্রা সহনশীল।

Exit mobile version