Supreme Court :
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা অৱস্থাত কেতবোৰ কৰ্মকাণ্ডৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল অসম ৰাজ্যিক বিজেপি ৷ ২৫ ছেপ্তেম্বৰত সামাজিক মাধ্যম এক্স’ৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে এটা AI ভিডিঅ’ প্ৰচাৰ কৰিছিল ৷ ভিডিঅ’ত দেখুৱা হৈছিল আগন্তুক নিৰ্বাচনত বিজেপি পৰাভূত হ’লে অসম সংখ্যালঘুৰ দখললৈ যাব।
আনকি এই বিষয়টোক উপস্থাপন কৰিবলৈ গৈ ভিডিঅ’টোত কাজিৰঙা,গুৱাহাটী এয়াৰপৰ্ট,তলাতল ঘৰ,ৰংঘৰ,গুৱাহাটীৰ একলেণ্ড ,গুৱাহাটী মহানগৰ আদি সংখ্যালঘু লোকে দখল কৰা দেখুৱা হয় ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ঘৃণামূলক প্ৰচাৰ কৰা বুলি ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় দাখিল কৰা হৈছিল এক অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে ন্যায়ালয়ে অসম ৰাজ্যিক বিজেপি আৰু সামাজিক মাধ্যম ‘এক্স’লৈ জাৰি কৰে জাননী ।
ADVERTISEMENT






























