Ghagrapar:
কেৱল আঁচনি ৰূপায়নেৰে নহয়; জনসজাগতা সৃষ্টিৰে প্ৰতিগৰাকী নাগৰিকৰ মনস্তাত্বিক সংস্কাৰ সাধনেৰে এখন সুস্থ সবল সমাজ গঢ়াৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখি আহিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পই। তাৰেই অংশ হিচাবে আজি ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত খাতিকুছিত অনুষ্ঠিত কৰা হয় এখন সজাগতামুলক বাটৰ নাট। ইয়াৰ পুৰ্বে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া জয়েটা ভট্টাচার্যী ,ছুপাৰভাইজাৰ, পোষণ টিম, কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকাৰ সহযোগত খাতিকুছি আদৰ্শ চিকিৎসালয়ৰ পৰা পুৱা এক সজাগতা সমদল উলিওৱা হয়। পোষণ মাহৰ সতে সংগতি ৰাখি উলিওৱা এই সজাগতা সমদলৰ উদ্বোধন কৰে প্ৰকল্প বিষয়া জয়েটা ভট্টাচার্যীয়ে । হাতে হাতে সজাগতামূলক প্লে’কাৰ্ডলৈ খাতিকুছি আদৰ্শ চিকিৎসালয়ৰ পৰা সমদল আৰম্ভ কৰি খাতিকুছি-সাগৰকুছি বজাৰ এলেকা পৰিভ্ৰমণ কৰে।
গ্ৰামাঞ্চলত পুষ্টিহীনতা দুৰ কৰা সন্দৰ্ভত শ্লোগান দি সজাগতা সৃষ্টি কৰি সমদলকাৰী সকল উপস্থিত হয় খাতিকুছি -সাগৰকুছি চ’ক প্ৰাংগণত। উক্ত চ’ক প্ৰাংগণত কৰ্মী সহায়িকা সকলে মাতৃ-শিশুৰ পুষ্টিহীনতাৰ ওপৰত এখন বাটৰ নাট পৰিবেশন কৰে।
উল্লেখ্য যে আজি অনুষ্ঠিত এই সজাগতা সমদলৰ সমান্তৰাল ভাৱে প্ৰকল্পটোৰ অন্তৰ্গত ১৪৯ টা অংগনবাদী কেন্দ্ৰ সমূহত এককভাবে ১৭ ছেপ্তেম্বৰৰ পৰা এই দিৱস পালন কৰি অহা হৈছে বুলি জানিব পৰা গৈছে।
ADVERTISEMENT




































