জুবিনক পৰিকল্পিতভাৱে হত্যা, ষড়যন্ত্রত জড়িত সিদ্ধার্থ-শ্যামকানু

IMG 20251010 110507

Zubeen Garg:✒️অসাধাৰণ প্ৰতিভাধৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আগবঢ়াৰ লগে লগে এই কথা স্পষ্ট হৈছে যে অত্যন্ত কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হৈছিল অসমৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে। মৃত্যু যন্ত্রণাত ছটফটাই থকা জুবিনক জীৱনৰ অন্তিম ক্ষণত এষাৰ মৰমৰ মাত দিবলৈ, শান্তি দিবলৈ কোনো নাছিল। তেওঁৰ ওচৰত থকাসকলে মৃত্যুমুখলৈ ঠেলিহে দিছিল অসমবাসীৰ অতি চেনেহৰ জুবিনক।

মাতৃভূমিক প্রাণভৰি ভাল পোৱা, এই মৰমৰ বাবেই বলিউদৰ প্ৰতিষ্ঠা এৰি অসমতে নিগাজি হোৱা জুবিনক কোনে পৰিকল্পনা কৰি বিদেশৰ নির্জন স্থানত মৃত্যুমুখলৈ ঠেলি দিলে এই প্রশ্ন বিচাৰি এতিয়া হাবাথুৰি খাইছে জুবিনৰ অনুৰাগী। ন্যায়ৰ দাবীত চৌপাশে উঠিছে শক্তিশালী গুঞ্জন। জুবিনৰ পৰিয়ালেও বিচাৰিছে উত্তৰ।

অসম চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ তদন্ত চলাই থকা সময়তে জুবিনৰ খুড়াক মনোজ বৰঠাকুৰ আৰু অনন্ত বৰঠাকুৰেও ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি কৈছে। শিৱসাগৰ নিৱাসী জ্যেষ্ঠ সাংবাদিক-লেখক মনোজ বৰঠাকুৰে আজি ‘দৈনিক অগ্রদূত’ক কয়, ‘জুবিন গাৰ্গক পৰিকল্পিতভাৱে যেন মৃত্যুৰ মুখলৈ ঠেলি দিছিল এনে অনুভৱ হৈছে। প্রথম অৱস্থাত কি হৈছিল আমি পৰিয়ালৰ মানুহে ধৰিব পৰা নাছিলো। কিন্তু ক্রমান্বয়ে ভিডিঅ’ আদি পোহৰলৈ অহাত আমি এইদৰে ভাবিবলৈ বাধ্য হৈছো।’

জুবিনৰ এনে অভাৱনীয় মৃত্যুৰ ঘটনাত সম্পূর্ণরূপে ভাগি পৰা পৰিয়ালটোৱে স্বাভাৱিকতে প্রথম অৱস্থাত তত্ ধৰিব পৰা নাছিল যে কি হৈছে। সকলোকে আপোন পৰিয়াল বুলি ভবা জুবিনৰ গাৰ ছাঁৰ দৰে থকাসকলে যে এইদৰে বিশ্বাসঘাতকতা কৰিব সেই কথা তেওঁলোকৰ সপোনৰো অগোচৰ আছিল।

জুবিনৰ মৃত্যুৰ সন্দৰ্ভত শেহতীয়া তদন্ত প্ৰক্ৰিয়া আৰু পৰিয়ালৰ বিষয়ে ‘দৈনিক অগ্রদূত’ক খুড়াকে লগতে কয় যে এই মুহূৰ্তত তদন্ত যিদৰে আগবাঢ়িছে তাকে লৈ পৰিয়ালৰ সদস্য হিচাপে তেওঁলোক সন্তুষ্ট। ন্যায়ালয়ৰ প্রতি আস্থা থকা বুলি দোহাবি খুড়াকে কয় যে জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ব্যৱস্থা যাতে খৰতকীয়া কৰিবলৈ তেওঁলোকে চৰকাৰকো আবেদন জনাইছে।

তেওঁ কয়, ‘জুবিনৰ ন্যায়ৰ বাবে লক্ষ লক্ষ মানুহে উজাগৰী থাকি প্রতিবাদ কৰিছে, গতিকে জুবিনে ন্যায় পাবই লাগিব। অন্ততঃ পৰিয়ালৰ লোক হিচাপে আমি প্রকৃত ঘটনাটো কি সেয়া উদ্‌ঘাটন হোৱাটো বিচাৰো। প্রকৃত সত্য পোহৰলৈ আহিবই লাগিব।

উল্লেখ্য যে ঘটনাৰ দিনা ছিংগাপুৰত জুবিনৰ স’তে য়টখনত থকা প্ৰৱাসী অসমীয়া ৰূপকমল ভূঞাই গুৱাহাটীলৈ আহি এছআইটিক সাক্ষ্য প্রদান কৰি উভতি যাবলৈ সক্ষম হৈছে যদিও বাকীসকল আহিব নে নাই, এই সমগ্র বিষয়টোক লৈ কোনো স্পষ্টতা নাই আৰক্ষীৰ।

জুবিনৰ খুড়াক মনোজ বৰঠাকুৰে দাবী জনাইছে যে ছিংগাপুৰত জুবিনৰ লগত থকা সকলো ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগিব। তেওঁ জুবিনৰ মেনেজাৰ তথা শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুব অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ সকলো বেংক একাউন্ট বন্ধ কৰি নথিপত্র বাজেয়াপ্ত কৰিবলৈ দাবী জনায়।

জুবিনৰ তদন্তৰ বাবে চৰকাৰে এছআইটি গঠন কৰা সময়লৈকে যিখিনি সময় সিদ্ধার্থ শর্মাই লাভ কৰিলে তাৰ ব্যৱহাৰ কৰি সিদ্ধার্থই বহু নথিপত্র গোপন কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ শংকা প্রকাশ কৰে। তেওঁ কয়, ‘এই সকলোবোৰ বিষয় তন্ন তন্নকৈ পৰীক্ষা হোৱাটো আমি বিচাৰো। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াক তদন্তৰ আওতালৈ আনিব লাগিব। তেওঁলোক নাহিলে তদন্ত প্রক্রিয়া সম্পূর্ণ নহ’ব। গতিকে তেওঁলোক তদন্তৰ আওতালৈ অহাটো বাঞ্ছনীয়।’

জুবিনৰ মৃত্যু পৰিকল্পিত হত্যা

‘জুবিনৰ স’তে সিদ্ধার্থ শৰ্মা ১০-১১ বছৰ একেলগে আছে। গতিকে জুবিনৰ সকলো কথা সি জানিছিল। সি সেই মতে যত্ন ল’ব লাগিছিল। জুবিনৰ মৃত্যু এক পৰিকল্পিত হত্যা বুলি ভাবো এই ষড়যন্ত্রত মেনেজাৰ সিদ্ধার্থ আৰু নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক শ্যামকানু মহন্ত জড়িত আছে।’

এইদৰে কয় তেজপুৰৰ কেতেকীবাৰী নিৱাসী খুড়াক অনন্ত বৰঠাকুৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তথা এই ঘটনাৰ স’তে জড়িতসকলে কঠোৰ শাস্তি লাভ কৰাৰ দাবী ৰাইজে জনাই অহাৰ বিপৰীতে এই অনাকাংক্ষিত ঘটনাক লৈ ৰাজনীতি আৰম্ভ হোৱাত ক্ষুব্ধ হৈছে সর্বসাধাৰণ। প্রিয় শিল্পীৰ মৃত্যুক লৈ আৰম্ভ হোৱা তৰল ৰাজনৈতিক কাণ্ডকাৰখানাৰ বিৰুদ্ধে সামাজিক মাধ্যমত তীব্র প্রতিক্রিয়া আৰম্ভ হৈছে। সকলো বিষয় বাদ দি কেবল জুবিনৰ ন্যায় বিচাৰিছে ৰাইজে।

বিশ্ববিশ্রুত শিল্পীগৰাকীৰ আত্মীয়ই ৰাইজৰ সুৰতে সুৰ মিলাই জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। তেজপুৰৰ নিৱাসী জুবিনৰ খুড়াক অনন্ত বৰঠাকুৰ আৰু খুড়ীয়েক শতরূপা শৰ্মা বৰঠাকুৰে দাবী কৰে যে জুবিনৰ হত্যাকাৰীক কঠোৰতম শাস্তি তথা ফাঁচি হ’ব লাগে।

খুড়াকে সংবাদ মাধ্যমত কয়, ‘এয়া এক পৰিকল্পিত হত্যাকাণ্ড।’ এই ঘটনাৰ বাবে সিদ্ধার্থ শৰ্মা আৰু শ্যামকানু মহন্তক জগৰীয়া কৰি তেওঁ লগতে তদন্ত প্রক্রিয়াক লৈ সন্তুষ্টি প্রকাশ কৰে। তদুপৰি কয় যে জুবিনৰ ন্যায় প্রদানৰ ক্ষেত্ৰত কোনেও ৰাজনীতি কৰাটো উচিত নহয়। ঘটনাৰ তদন্তৰ বাবে পৰিয়ালৰ এজন সদস্য সন্দীপন গার্গ গ্রেপ্তাৰ হোৱাৰ সন্দৰ্ভত খুড়াকে কয় যে এই ক্ষেত্রত এছআইটিয়ে চালি-জাবি চাই দোষীক চিনাক্ত কৰিব। একেদৰে খুড়ীয়েকেও এই ঘটনাত জড়িতসকলে উপযুক্ত শাস্তি লাভ কৰাটো বিচাৰে বুলি কয়।

Exit mobile version