মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তত সান্ধ্য আইন জাৰি 

IMG 20251010 121931

Meghalaya:✒️বৃহস্পতিবাৰে সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ পাছতে মেঘালয় আৰু অসম দুয়োখন দেশৰ কৰ্তৃপক্ষই আন্তঃৰাজ্যিক সীমান্তত সান্ধ্য আইন জাৰি কৰিছে।

মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত লাপাংগাপ গাঁৱত আৰু অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তাপাটা অঞ্চলত আৰু অধিক অশান্তি ৰোধৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বলবৎ কৰা হৈছে সান্ধ্য আইন।

অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ বিবাদিত কৃষিভূমিক লৈ সৃষ্টি হৈছিল এই হিংসাত্মক পৰিস্থিতি। চৰকাৰী সূত্ৰৰ মতে, পুৱা প্ৰায় ন বাজি ৩০ মিনিটৰ পৰাই সংঘাত আৰম্ভ হয়।ক্ৰমাৎ এই সংঘাত হিংসাত্মক পৰিস্থিতিলৈ পৰিণত হয়।

অসম আৰু মেঘালয় উভয়ৰে আৰক্ষী জোৱান উপস্থিত থকাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে। ইয়াৰ পাছতে হোৱা বিশৃংখলতাত গুলীচালনাত নিহত হয় অসমৰ এজন যুৱক ।

উল্লেখ্য যে,বন্দুকৰ গুলীৰ উৎসৰ তদন্ত অব্যাহত আছে, আৰু এই গুলী আৰক্ষীৰ পৰা আহিছে নে অসামৰিক সূত্ৰৰ পৰা আহিছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

তথ্য অনুসৰি সংঘাতৰ ফলত আন এজন গাঁওবাসী গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

Exit mobile version