Nobel Prize :মধ্য ইউৰোপৰ দেশ হাংগেৰীৰ ঔপন্যাসিক-চিত্রনাট্যকাৰ লাছল’ ক্রাছনাহর্কাইলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা। আজি ব’য়েল ছুইডিছ একাডেমী অব ছায়েন্সেজে ঘোষণা কৰা অনুসৰি হাংগেৰীয়ান লেখকজনলৈ চিত্তাকর্ষক আৰু দূৰদৃষ্টিসম্পন্ন সৃষ্টিবে প্রলয় সদৃশ সন্ত্রাসৰ মাজত কলাৰ শক্তিক পুনৰ সবলীকৰণৰ বাবে বিশ্ব সাহিত্যৰ এই সর্বোচ্চ সম্মান আগবঢ়োৱা হৈছে।
উল্লেখ্য যে ১৯৫৪ৰ পাঁচ জানুৱাৰীত ৰোমানিয়াৰ নিকটৱৰ্তী হাংগেৰীৰ গিউলা নগৰত ক্ৰাছনাহর্কাইয়ে জন্ম লাভ কৰে। তেওঁৰ প্রথম উপন্যাস ‘ছাটানটাংগো’ প্রকাশ পায় ১৯৮৫ত। এই উপন্যাস প্রকাশৰ পাছতে তেওঁ হাংগেৰীৰ সাহিত্য জগতত এক চাঞ্চল্যত পৰিণত হয়। তেওঁ উল্লেখনীয় সৃষ্টিৰাজিৰ অন্যতম হৈছে ‘এ মাউন্টেইন টু দ্য নর্থ’ (২০০৩)।
চলিত বর্ষত প্রকাশিত তেওঁৰ ‘হাৰ্ছয়ট-০৭৭৬৯’ক এখন শ্রেষ্ঠ সমসাময়িক জার্মান উপন্যাস আখ্যা দিয়া হৈছে।উপন্যাসখনত জার্মানীৰ সামাজিক অস্থিৰতা অংকিত হৈছে। ক্রাছনাহর্ককাইৰ বহু সৃষ্টিক দুর্বোধ্য আখ্যাও দিয়া হয়।
অৱশ্যে সমালোচকসকলৰ মতে, তেওঁৰ সাহিত্য কর্ম হৈছে উত্তৰাধুনিক সাহিত্য কৰ্মৰ অন্যতম উদাহৰণ। তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস স্বপ্নভংগ-আশাহত মানুহৰ কথাই স্থান লাভ কৰিছে। সাহিত্যিকজনৰ উপন্যাস লিখাৰ কাঠামো জটিল। কেতিয়াবা মাত্র এটা অনুচ্ছেদেই যতি চিহ্ন অবিহনে তিনি পৃষ্ঠালৈ বিস্তৃত হৈছে। গতিকে বহু পঢ়ুৱৈয়ে তেওঁৰ সৃষ্টিক দুরূহ আখ্যা দিছে।
তৎসত্ত্বেও ক্রাছনাহৰ্কাইৰ গুণমুগ্ধৰ সংখ্যা বিপুল। তেওঁৰ ‘মেলাংকলী অৱ ৰেজিষ্টেন্স’ উপন্যাসত মহাপ্রলয়ৰ ধাৰণাৰ প্ৰতি এক তীর্যক দৃষ্টি দিয়া হৈছে। তেওঁ ১৯৯৯৩ প্রকাশিত উপন্যাস ‘বায়াৰ এণ্ড বায়াৰ’ৰ পূৰ্বে ইউৰোপৰ বিভিন্ন দেশ ভ্রমণ কৰে। এই উপন্যাস ৰচনাত তেওঁক সহায় কৰে আমেৰিকান কবি এলেন গিন্সবার্গে।
সাহিত্য ক্ষেত্ৰৰ এই সর্বোচ্চ সম্মান লাভ কৰাৰ পূৰ্বে ২০০৯ত ক্ৰাছনাহৰ্কাইলৈ বুকাৰ বঁটা আগবঢ়োৱা হয়। তেওঁৰ সৃষ্টিত সমসাময়িক সময়ৰ বিশ্ব ৰাজনীতিগত হতাশাবোধ প্রতিফলিত হয়। আইনৰ ছাত্ৰ ক্ৰাছনাহৰ্কাইৰ সৃষ্টি কেরল পশ্চিমীয়া শৈলীৰ মাজতে আবদ্ধ থকা নাই। তেওঁ পূব এছিয়াৰ আখ্যান কাঠামোকো মাজে সময়ে গ্রহণ কৰে।
কোনো কোনো সময়ত তেওঁৰ সৃষ্টিত নৈৰাজ্যৰ ছাঁও পৰিছে। কেতিয়াবা আকৌ তেওঁৰ সৃষ্টিত শ্বাসৰুদ্ধকৰ ভয়াৱহতাৰ সমান্তৰালভাৱে সৌন্দর্যবোধো ফুটি উঠিছে। এনে বৈচিত্র্যৰ মাজতে তেওঁৰ সৃষ্টিৰ অনন্যতা নিহিত হৈ আছে। সম্প্রতি ৭১ বছৰীয়া কৃতী সাহিত্যিকগৰাকীয়ে ভালেসংখ্যক চুটি গল্প আৰু প্ৰবন্ধও ৰচনা কৰিছে।
তেওঁৰ ‘মেলাংকলি অব ৰেজিষ্টেন্স ‘ক হাংগেৰীৰ বৰেণ্য পৰিচালকে চলচ্চিত্ৰ ৰূপ দিছে। তেওঁৰ সৃষ্টিৰাজি সম্পৰ্কত ন’বেল সমিতিয়ে কয়, ‘তেওঁ জাপান আৰু চীন ভ্ৰমণৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাৰ প্ৰভাৱ তেওঁৰ সৃষ্টিত পৰিছে। অধিক ভাবোদ্দীপক আৰু সুন্দৰকৈ বিন্যাসিত সুৰ আয়ত্ত কৰাৰ বাবে তেওঁ পূবলৈ (পূব এছিয়া) চকু দিয়ে।
সাহিত্যিক ক্রাছনাহর্কাই বৰ্তমানলৈ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। সেই সূত্রে তেওঁ তিনিটি সন্তানৰ কৃতিত্ব অর্জন কৰিছে। সম্প্রতি তেওঁ হাংগেৰীৰ ছেণ্টলাছল’ত অকলশৰে বাস কৰি আছে। তেওঁ আইনৰ লগতে হাংগেৰী ভাষা-সাহিত্যৰ আনুষ্ঠানিক শিক্ষাও গ্রহণ কৰে।
বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্তিৰ পাছত তেওঁ লেখকৰূপে ভুমুকি মাৰে। তেতিয়াৰে পৰা তেওঁ স্বতন্ত্র লেখকৰূপে জীৱন অতিবাহিত কৰি আছে। ২০১৫ত এখন ব্রিটিছ সংবাদপত্ৰৰ স’তে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজৰ সৃষ্টিৰাজি সম্পর্কে কয়, ‘ভাষাত সৌন্দর্য। নৰকত স্ফূর্তি। যিসকল পঢ়ুৱৈয়ে মোৰ গ্ৰন্থ পঢ়া নাই, মই তেওঁলোকক মোৰ সৃষ্টি পঢ়িবলৈ পৰামৰ্শ নিদিওঁ। তাৰ পৰিৱৰ্তে তেওঁলোকক মই ক’ৰবাত বহি থাকিবলৈ পৰামৰ্শ দিওঁ। তেতিয়া তেওঁলোকৰ স’তে মূৰকত মোৰ গ্ৰন্থ পঢ়া কাৰোবাৰ সাক্ষাৎ ঘটিব।’
উল্লেখ্য যে এইবাৰৰ ন’বেল বঁটাৰ অধিকাংশ শিতানৰ প্ৰাপকসকলৰ নাম ঘোষিত হৈছে। বাকী আছে মাথোঁ শান্তি আৰু অর্থনীতিৰ ন’বেল প্রাপকৰ নাম ঘোষণা কৰিবলৈ।
ন’বেল সমিতিয়ে প্রকাশ কৰা অনুসৰি আজি শান্তিৰ আৰু অহা ১৩ অক্টোবৰত অর্থনীতি বিজ্ঞানৰ ন’বেল প্রাপকৰ নাম ঘোষণা কৰা হ’ব।
