Doboka Road Accident:
হোজাই জিলাৰ ডবকাৰ শালবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কাৰ্বিআংলঙৰ পৰা ডবকা অভিমুখে দ্ৰুতগতিত আহি থকা অৱস্থাতে এএছ০১-আৰচি-৭০০৯ নম্বৰৰ মালবাহী ট্ৰাক খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ- খাৱৈত বাগৰি পৰে ৷ ফলত আহত হয় ট্ৰাক খনৰ চালকজন ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় হোজাইলৈ ।
