West Karbianglong:অসম-মেঘালয় সীমান্ত অগ্নিগর্ভ, চোকা অস্ত্র লৈ অহা শশ খাচি লোকৰ তাণ্ডৱ

পশ্চিম কাৰ্বি আংলঙৰ তাপাতত দুর্বৃত্তৰ আক্ৰমণত এজন নিহত, কাৰ্বি লোকৰ পথাৰৰ ধান গছ কাটি নিয়াৰ অপচেষ্টাত উত্তেজনা

karbi 1

West Karbianglong:

চুবুৰীয়া ৰাজ্যসমূহৰে সীমা সমস্যাৰ সমাধান হৈছে বুলি অসম চৰকাৰে দাবী কৰি অহাব সময়তে মেঘালয়ৰ একাংশ বাসিন্দাই আজি পশ্চিম কাৰ্বি আংলং সীমান্তত সীমান্তবর্তী অসমৰ ভূমিত চলোৱা তাণ্ডবে অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পুরা চোকা অস্ত্র কেটেপা আদি লৈ অহা ‘বাশ খাচি লোক পশ্চিম কাৰ্বি আংলঙৰ তাপাত অঞ্চলৰ কাৰ্বি ৰাইজৰ ওপৰত জঁপিয়াই পৰে। খাচি লোকৰ এই বর্ববোচিত আক্রমণত অৰিয়েল টিমুং (৪৫) নামৰ এজন স্থানীয় লোকে প্রাণ হেৰুওৱাৰ লগতে একাধিক আহত হয়। আহতসকলৰ স্টেনৱেল টিমুঙৰ অৱস্থা সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, আক্রমণত নিহত টিমুঙৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

ইপিনে, এই ভয়ানক পৰিস্থিতিৰ খবৰ পাই অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। সমান্তৰালভাৱে মেঘালয় আৰক্ষীও ঘটনাস্থলীলৈ আহে। দুয়োপক্ষই কন্দুৱা গেছ প্রয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। তৎসত্ত্বেও বাতৰি লিখা পৰলৈ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে।

#কাৰ্বি ৰাইজৰ পথাৰৰ ধান-গছ কাটি নিয়াৰ অপচেষ্টা

স্থানীয় লোকে জনোৱা মতে, প্রায় ৯-৩০ বজাত চোকা অস্ত্র লৈ পাহাৰৰ পৰা নামি অহা শশ খাচি লোকে তাপাতৰ স্থানীয় কাৰ্বি ৰাইজৰ পথাৰৰ পৰা পকা ধান গছ কাটি নিয়াৰ অপচেষ্টা চলায়। স্থানীয় ৰাইজে এই কাৰ্য বন্ধ কৰিবলৈ সশস্ত্র খাচি লোকসকলক আহ্বান জনোৱাত তেওঁলোক স্থানীয় লোকসকলৰ ওপৰত জঁপিয়াই পৰে। দুপৰীয়া ১২-৩০ বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে জনায়। উন্মত্ত খাচি লোকসকলে চোকা অস্ত্ৰৰে অসমৰ বাসিন্দাসকলক আক্ৰমণ কৰে। ইয়াৰ সমান্তৰালভাৱে কেটেপাৰেও নিৰস্ত্র স্থানীয় লোকসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰে আগ্রাসী মনোভাৱৰ খাচি লোকসকলে। স্থানীয় সূত্রই জনোৱা মতে, কিছু মাহ পূর্বেও তাপাতৰ এক বৃহৎ অঞ্চলত স্থানীয় কার্বি ৰাইজে ৰোপণ কৰা পাঁচ হেজাৰ মূল্যবান ৰঙা চন্দনৰ গছপুলি মেঘালয়ৰ খাচি লোকসকলে কাটি থৈ যায়। বিষয়টোক লৈ তেতিয়াৰে পৰা দুই ৰাজ্যৰ সীমান্তবাসী ৰাইজৰ মাজত চেপা উত্তেজনা বিৰাজ কৰি আছে। আনকি বিষয়টো সন্দর্ভত অসম ভূমিৰ সীমান্ত শাস্তি সমিতিয়ে কে’বাবাৰো খাচি লোকসকলৰ স’তে আলোচনা কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

শেহতীয়াকৈ যোৱা ছয় অক্টোবৰত দুয়োখন ৰাজ্যৰ সীমান্ত শান্তি সমিতি খান্দুলিত এক আলোচনাত মিলিত হৈ সীমান্ত অঞ্চলত শান্তিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা কৰে। এই সম্পর্কত এক সূত্রই জনোৱা মতে, উক্ত বৈঠকত শান্তি আলোচনা বিষয়ত কে’বাটাও প্রস্তাব খাচি লোকসকলে মানি ল’বলৈ অস্বীকাৰ কৰে। এনেদৰে খাচি লোকসকলে অসমৰ কাৰ্বি ৰাইজৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰি আজিৰ এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে বুলি কাৰ্বি ৰাইজে মতপোষণ কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে যদিও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

আনহাতে, খাচি লোকৰ আক্ৰমণত নিহত অৰিয়েল টিমুঙৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। হিংসাত্মক ঘটনাটোক গৰিহণা দি দুয়ো পক্ষক শান্তি-সম্প্রীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। দুৰ্ভগীয়াজনৰ বাসগৃহত আজি বৈঠালাংছ’ৰ বিধায়ক ৰূপসিং টেৰণো উপস্থিত হয়।

ইপিনে, স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, দুই-তিনিমাহৰ মূৰে মূৰে অসম-মেঘালয় সীমান্তৱর্তী অঞ্চলত এনে ঘটনা সংঘটিত হয় যদিও দুয়োখন ৰাজ্যৰ প্ৰশাসনে যথোচিত পদক্ষেপ গ্রহণ নকৰাত  হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি ঘটে। দুয়োখন ৰাজ্যৰ চৰকাৰ অদূৰদৰ্শী নীতিৰ ফল তাপাতৰ নিবাসীসকলে ভোগ কৰিবলগীয়া হৈছে বুলিও স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰিছে।

Exit mobile version