Zubeen Body Guard Arrested :জুবিন গাৰ্গৰ দুই দেহৰক্ষীক গ্ৰেপ্তাৰ

দুই দেহৰক্ষীৰ বেংক একাউণ্টত লেনদেন হৈছিল কোটি টকা, ৩দিন জেৰাৰ অন্তত গ্ৰেপ্তাৰ

kkk1

Zubeen Gard Body Guard Arrested :

অৱশেষত গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰ সন্দৰ্ভত দুই দেহৰক্ষীক এছআইটিয়ে ৩দিন ধৰি জেৰা চলাই আহিছিল ৷ আজিও জেৰাৰ সন্মুখীন হৈছিল দুই দেহৰক্ষী ৷ চিআইডি হেড কোৱাৰ্টাৰক দুয়োকে কিছু সদয় জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰি লৈ যোৱা হয় কামৰূপ চিজেএম আদালতলৈ ৷

আদালত হাজিৰ কৰি দুই দেহৰক্ষীক পুনৰ চিআইডি কাৰ্যালয়লৈ আনে ৷ উল্লেখ্য যে দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰাৰ একাউণ্টত ৭০ লাখ আৰু পৰেশ বৈশ্যৰ একাউণ্টত ৪০ লাখ টকাৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছিল ৷ চিআইডিৰ আওতাত পৰাৰ পিছতেই দুই দেহৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ৷জুবিনৰ দুই দেহৰক্ষী অসম আৰক্ষীৰ বিশেষ শাখাৰ জোৱান আছিল ৷

Exit mobile version