আজি ৰাছিয়াৰ উদ্যোগ আৰু বানিজ্য উপমন্ত্ৰীৰ স’তে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পবিত্ৰ মাৰ্ঘেৰিটা

IMG 20251011 WA0006

Pabitra Magherita :✒️শুকুৰবাৰে দেশৰ বিদেশ আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাছিয়াৰ ৰাজধানী মস্কোত “বেষ্ট অব ইণ্ডিয়া, ইণ্ডিয়ান এপাৰেল এণ্ড টেক্সটাইল ফেয়াৰ” উদ্বোধন কৰে।

ইয়াত অসমৰ আগশাৰীৰ শতাধিক বস্ত্ৰ উদ্যোগীৰ উৎপাদন ৰাছিয়াৰ প্ৰায় দহ সহস্ৰাধিক বস্ত্ৰ ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰাৰ লগতে বিভিন্ন বানিজ্যিক চুক্তিও স্বাক্ষৰিত হব।

উল্লেখ্য যে এই বানিজ্য মেলাত বস্ত্ৰ তথা বিদেশ ৰাজ্যমন্ত্ৰী মাৰ্ঘেৰিটাই ৰাছিয়া আৰু ভাৰতৰ বানিজ্যিক সংস্থাসমূহৰ স’তে এক বৈঠকত মিলিত হৈ বস্ত্ৰ উদ্যোগ আৰু পাৰস্পৰিক বানিজ্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

আজি ৰাছিয়াৰ উদ্যোগ আৰু বানিজ্য উপমন্ত্ৰীৰ স’তে আন এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

Exit mobile version