ভেনিজুৱেলাৰ ‘লৌহ মানৱী’ মাৰিয়া ক’ৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

v5d9ccp8 nobel peace prize 2025 winner

Nobel Peace Prize:✒️সমগ্ৰ বিশ্বৰ গণতন্ত্রকামীসকলক উজ্জীৱিত কৰি এইবাৰৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিলে ভেনিজুবেলাৰ বিৰোধী নেত্রী মাৰিয়া ক’ৰিনা মাচাডোৰে। দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত লৌহ মানৱীৰূপে খ্যাত মাচাডোৰ বয়স সম্প্রতি ৫৮ বছৰ। দেশখনৰ ‘ভেন্টে ভেনিজুৱেলা’ নামৰ ৰাজনৈতিক দলৰ অন্যতম প্রতিষ্ঠাপক মাচাডোলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱাৰ কথা কালি ন’বেল শাস্তি সমিতিয়ে ঘোষণা কৰে।

ভেনিজুৱেলাত গণতন্ত্রৰ হকে তথা দেশখনৰ নাগৰিকসকলৰ গণতান্ত্রিক অধিকাৰৰ বাবে সংগ্ৰামত ব্রতী হোৱাৰ স্বীকৃতিস্বৰূপে তেওঁ চলিত ২০২৫ৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিছে। উল্লেখ্য যে এইবাৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পসহ ৩৩৮ ব্যক্তি-সংগঠনৰ পক্ষত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়ন দাখিল হয়। এইসমূহৰ মাজত ৯৪ টা সংগঠন আছে। এই মনোনয়নসমূহৰ মাজৰ পৰা ভেনিজুবেলাৰ বিৰোধী নেত্ৰীগৰাকীক ন’বেল সমিতিয়ে বঁটাৰ বাবে বাছনি কৰে।

শুকুৰবাৰে ন’বেল সমিতিয়ে মাচাডোৰ নাম বঁটাপ্ৰাপকৰূপে ঘোষণা কৰাৰ লগে লগে সমগ্র বিশ্বৰ গণতন্ত্র প্রেমী লোকসকল উৎফুল্লিত হৈ পৰে। তেওঁক সামাজিক মাধ্যমযোগে অসংখ্যজনে শুভেচ্ছা জনায়।উল্লেখ্য যে মাচাডো অন্যতম প্রতিষ্ঠাপকৰূপে থকা ভেন্টে ভেনিজুৱেলা হ’ল এটা উদাৰপন্থী ৰাজনৈতিক দল। ২০১৩ত এই দল প্রতিষ্ঠা কৰা হয়। মাচাডো বিবাহিতা হোৱাৰ উপৰি তিনিটা সন্তানৰ মাতৃ। তেওঁৰ মাতৃ আছিল মনস্তত্ত্ববিদ আৰু পিতৃ আছিল ব্যৱসায়ী। মাচাডো অভিযান্ত্রিক শিক্ষাৰে শিক্ষিত।

উল্লেখ্য যে যোৱা বছৰৰ ভেনিজুৱেলাৰ নিৰ্বাচনৰ সময়ত ভোট জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। তদানীন্তন ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰোৰ দলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ভোট জালিয়াতিৰ অভিযোগ উত্থাপন কৰা সকলৰ কাষত থিয় দিয়া মাচাডোক ভাবুকি দিয়া হৈছিল। এবাৰ তেওঁ গ্রেপ্তাৰো হ’বলগীয়া হয়। আনকি তেওঁক যোৱা বছৰৰ ৰাষ্ট্রপতি নির্বাচনত অৱতীর্ণ হ’বলৈ নিদিলে ক্ষমতাশালী পক্ষই।

তৎসত্ত্বেও দেশবাসীয়ে বিশ্বাস কৰে যে মাচাডো হৈছে আচল বিজয়ী। তেরোঁ সংগ্রাম অব্যাহত ৰাখে। নিজৰ জীৱনলৈও ভ্রূক্ষেপ নকৰি ক্ষমতাশালীৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰখাৰ বাবে মাচাডোক সাহসী আৰু শান্তিৰ প্রতিশ্রুতিবদ্ধ বিজেতা আখ্যা দিছে ন’বেল সমিতিয়ে। ন’বেল সমিতিৰ মতে, ভেনিজুৱেলা যেতিয়া অন্ধকাৰে ছানি ধৰিছিল তেতিয়া মাচাডোবে দেশখনত গণতন্ত্ৰৰ জুই জ্বলাই ৰাখে।

Exit mobile version