সাতখন যুদ্ধ ৰখোৱাৰ পাছতো ট্রাম্পে শান্তিৰ ন’বেল বঁটা নোপোৱাৰ কাৰণ কি ?

images 11

Donald Trump:✒️মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা লাভ নকৰাৰ বাবে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁৰ কার্যালয় হোৱাইট হাউছে সামাজিক মাধ্যমত শান্তিৰ স্থানত ৰাজনীতিয়ে স্থান পালে বুলি তীর্যক মন্তব্য কৰিছে।

আনহাতে, ট্রাম্পে এই সম্মানীয় বঁটা লাভ নকৰাৰ কাৰণ কালি ন’বেল সমিতিয়ে এখন সংবাদমেলত ব্যাখ্যা কৰে। ট্রাম্পৰ নাম উল্লেখ নকৰাকৈ সংবাদমেলত সমিতিৰ মুৰব্বী য়োগেন বাটনে ইংগিত দিয়ে যে ট্রাম্পৰ আদর্শ বিজ্ঞানী আলফ্রেড ন’বেলৰ আদৰ্শৰ বিৰোধী। ডিনামাইট আৱিষ্কাৰক বিজ্ঞানী ন’বেলৰ ইচ্ছাপত্র অনুসৰি ন’বেল সমিতিয়ে কাম কৰে বুলিও বাটনে উল্লেখ কৰে।

তেওঁ কয়, ‘এই সমিতি (ন’বেল সমিতি)ৰ সদস্যসকল সাহস আৰু সততাৰ প্রতীকো। আমি ন’বেলৰ ইচ্ছাপত্র আৰু কাম-কাজ অনুসৰি সিদ্ধান্ত গ্রহণ কৰো।’ উল্লেখ্য যে বিগত সময়ত বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন দেশৰ মাজত হোৱা সাতখন যুদ্ধ স্থগিত কৰাক দোহাই মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে নিজকে শান্তিৰ ন’বেল বঁটাৰ বাবে যোগ্য বুলি দাবী কৰি আহিছে।

আনকি বৃহস্পতিবাৰে তেওঁ নিজকে শান্তিৰ ন’বেল বঁটা লাভৰ বাবে উপযুক্ত বুলি দৃঢ়তাবে দাবী কৰে। তেতিয়া তেওঁ কয়, ‘অ’বামা (প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা)ই এখনো যুদ্ধ বন্ধ নকৰাকৈ শান্তিৰ ন’বেল বঁটা লাভ কৰিলে। মই সাতখন যুদ্ধ বন্ধ কৰিলো।’ তৎসত্ত্বেও ট্রাম্পৰ প্রতি মন কোমল নহ’ল ন’বেল সমিতিৰ। দৰাচলতে চলিত বৰ্ষৰ শাস্তিব ন’বেল বঁটা প্রাপকৰ বাবে মনোনয়ন গ্ৰহণৰ শেষ তাৰিখ আছিল চলিত বৰ্ষৰ ৩১ জানুৱাৰী। ইয়াৰ ১১ দিন পূর্বে ট্রাম্পে দ্বিতীয়বাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতিৰূপে শপতগ্রহণ কৰে। গতিকে তেওঁ বিভিন্ন দেশৰ মাজৰ যুদ্ধ স্থগিত কৰা বিষয়টো ন’বেল সমিতিৰ বিবেচনালৈ নাহিল।

কাৰণ যোৱা ২০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ মাজৰ সময়ছোৱাত তেওঁ কোনো যুদ্ধ বন্ধ কৰা নাছিল। লক্ষ্যণীয়ভাবে ট্রাম্পে যোৱা মে’ৰ ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধও বন্ধ কৰা বুলি সততে দাবী কৰি আহিছে। আনহাতে, স্বপ্ন ভংগ হোৱাৰ ক্ষোভত ট্রাম্পে নৰ’ৱেৰ ওপৰত শাস্তিমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে বুলি একাংশই আশংকা কৰিছে। কাৰণ শান্তিৰ ন’বেল বঁটাপ্ৰাপক নৰ’ৱেৰ ন’বেল শান্তি সমিতিয়ে বাছনি কৰে।

শেহতীয়াভাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে নৰ’বে বাণিজ্যিক চুক্তিক লৈ আলোচনাত মিলিত হৈছে। চলিত সপ্তাহত নৰ’ৱেৰ বাণিজ্য মন্ত্রী চিচিলি মিৰছেথে ট্রাম্প প্রশাসনৰ কে’বাজনো বিষয়াৰ স’তে আলোচনাত মিলিত হয়। এনে পৰিস্থিতিত বাষ্ট্রপতি ট্রাম্প শান্তিৰ ন’বেল বঁটাৰ পৰা বঞ্চিত হোৱাত মার্কিন প্রশাসনে নৰ’ৱেৰ স’তে বাণিজ্যিক চুক্তি সম্বন্ধীয় আলোচনা বন্ধ কৰাৰ আশংকাই দেখা দিছে। তদুপৰি নৰ’ৱেৰ ওপৰতো ট্রাম্প প্রশাসনে বৃহৎ পৰিমাণৰ শুল্ক আৰোপ কৰাৰ আশংকাও ব্যক্ত কৰিছে একাংশই।

উল্লেখ্য যে চলিত বৰ্ষৰ অধিকাংশ শিতানৰে ন’বেল বঁটা প্রাপকসকলৰ নাম ঘোষিত হ’ল। মাথোঁ বাকী আছে অর্থনীতিৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিবলৈ। ন’বেল সমিতিয়ে প্রকাশ কৰা অনুসৰি কাইলৈ চলিত ২০২৫ৰ অর্থনীতিৰ ন’বেল বঁটা প্রাপকৰ নাম ঘোষিত হ’ব।

একাংশই চৰ্চা কৰা অনুসৰি এইবাৰ দুই ভাৰতীয় কৃতবিদ্য অর্থনীতিবিদ ৰঘুৰাম ৰাজন আৰু ৰাজ চেট্টীৰ নামো অর্থনীতিৰ ন’বেল প্রাপকৰ সম্ভাব্য তালিকাত আছে।

সম্প্রতি ভাৰতীয় বিজার্ভবেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰাজনে চিকাগো বিশ্ববিদ্যালয়ত আৰু চেট্টীয়ে হাবার্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে।

Exit mobile version