Flutist Dipak Sarma:
আন্ত: ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ ৷ জটিল ৰোগত আক্ৰান্ত শিল্পী গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে জিএমচিএইছত ৷ শৰ্মাৰ লিভাৰ সংৰোপণৰ বাবে ১ কোটি টকাৰ প্ৰয়োজন ৷ এনেক্ষেত্ৰত এই বৃহৎ ধনৰ বাবে সহায়ৰ প্ৰয়োজন বিভিন্নজন ৷
ইতিমধ্যে শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান দিয়া হয় ৷ ইয়াৰ পূৰ্বে অসম লাইভ নামৰ সংবাদ গোষ্ঠীটোৱেও এটা বঁটাৰ জৰিয়তে আগবঢ়াইছিল দুই লাখ টকা ৷ একেদৰে হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকৰ বেচৰকাৰী অনুষ্ঠান ‘দ্য হার্ট’ ৰ পৰা ১০ লাখ টকাৰ চেক প্রদান কৰা হৈছিল ৷
আনহাতে এনআৰডি গ্ৰুপৰ পৰাও অতিৰিক্তভাৱে ৫ লাখ টকাৰ নগদ ধন প্রদান কৰিছিল ৷ এতিয়াও বহু ধনৰ প্ৰয়োজন ৷ সেয়েহে শিল্পীজনক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত কোনো অনুৰাগীয়েও আাৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে জিএমচিএইছত চিকিৎসাধীন অৱস্থাতে তেখেতক সহায় কৰিব পাৰিব।
ADVERTISEMENT




































