Zubeen Garg:✒️জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ মাজতে ইয়াৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ বৃহৎ জালিয়াতিৰ তথ্য উদ্ধাৰ কৰিছে প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ। ৰাজকোষৰ ধন ব্যৱহাৰৰে বৃহৎ বৃহৎ উৎসৱ আয়োজন কৰি ‘ফেষ্টিভেল মহন্ত’ ৰূপে কুখ্যাত হৈ পৰা শ্যামকানুৱে বৃহৎ জালিয়াতিৰেও চৰকাৰী পুঁজি লুণ্ঠনৰ অভিযোগ ইডিয়ে লাভ কৰিছে।
বিশেষকৈ শ্যামকানুৰ ঘৰৰ পৰা ২০ টাৰো অধিক ছীল-মোহৰ উদ্ধাৰৰ ঘটনাই এনে জালিয়াতিক প্ৰমাণ কৰিছে বুলি সূত্রত প্রকাশ। আনকি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ ছীল-মোহৰো শ্যামকানুৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি সূত্ৰটোৱে জনায়।
অসমৰ সমান্তৰালকৈ অৰুণাচল প্রদেশতো এনে কার্য সংঘটিত কৰিছিল ফেষ্টিভেল মহন্তই। অৰুণাচল আৰু অসমত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ ঠিকাৰ কামতো জড়িত আছে শ্যামকানু। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন কে’বাখনো ৰাজ্যতো বিভিন্ন ঠিকা-ঠুকলিৰ কামো কৰি আহিছিল আৰু সেইবোৰতো অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। সেই সূত্রেই জালিয়াতিৰে বৃহৎ ধনৰ লেনদেনৰ তথ্য উদ্ধাৰ হৈছে।
ইপিনে, ইডিয়ে শ্যামকানুৱে বিদেশত কৰা লেনদেনৰো অনুসন্ধান অব্যাহত ৰাখিছে। বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰত শ্যামকানুৰ এনে লেনদেনৰ যথেষ্ট সমল পোৱা গৈছে। উল্লেখ্য যে প্ৰতিখন চৰকাৰৰে প্ৰভাৱশালী মন্ত্ৰীৰ যিকোনো প্ৰকাৰে ঘনিষ্ঠ হৈ শ্যামকানুৱে দীর্ঘদিন ধৰি তথাকথিত বিভিন্ন প্রকল্প ৰূপায়ণৰ নামত লুণ্ঠন চলাই আহিছে।
দিছপুৰৰ পৰা দিল্লীলৈ হাত সম্প্ৰসাৰিত হৈ থকা শ্যামকানুক এই ক্ষেত্রত জ্যেষ্ঠ ভ্রাতৃসকলৰ একাংশই পূর্ণ সহযোগিতা আগবঢ়োৱাৰ চৰ্চা চলি আহিছে। উদাহৰণ স্বৰূপে ড° ননীগোপাল মহন্ত উপাচাৰ্য হোৱাৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত হকে-বিহকে সম্পন্ন কৰা লাখ লাখ টকীৰ ঠিকাৰ কাম শ্যামকানুৱে হস্তগত কৰিবলৈ সক্ষম হোৱাৰ চৰ্চা এতিয়া সর্বত্র।
এনে সময়তে ইডিয়ে শ্যামকানুৰ জালিয়াতিৰ তদন্ত ক্ৰমে প্ৰসাৰিত কৰিবলৈ বাধ্য হৈছে। কাৰণ ৰাজহুৱা মঞ্চত নীতিবাগীশৰ ৰূপ ধৰা শ্যামকানুৰ বিত্তীয় জালিয়াতি যেন সর্বদিশে বিয়পি আছে।






























