জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীত ১৯ অক্টোবৰত সত্যাগ্রহৰ আহ্বান জনপ্রিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ

আপোনাৰ এটা চিঞৰতে কিন্তু ন্যায় আহিবই

new foto 1

Zubeen Garg:✒️অহা ১৯ অক্টোবৰত এমাহ সম্পূর্ণ হ’ব অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাহুত মৃত্যুৰ। এমাহ সম্পূর্ণ হওঁ হওঁ যদিও এই পর্যন্ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব পৰা নাই চৰকাৰে।

আনকি জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰৰ আইন সম্মত প্রক্রিয়া নচলাৰ ইতিমধ্যে গুৰুত্বপূর্ণ অভিযোগে ব্যাপক চর্চা লাভ কৰিছে। জুবিন অনুৰাগী সমাজৰ পৰা আৰম্ভ কৰি শিল্পী সমাজ, ৰাজনৈতিক সমাজ, অধিবক্তা সমাজ আনকি স্বয়ং শাসকীয় বিজেপিৰ একাংশ নেতা পর্যন্ত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াক লৈ ইতিমধ্যে সৰৱ হৈ উঠিছে।

ইয়াৰ মাজতে জুবিনৰে অতি ঘনিষ্ঠ অসমৰ জনপ্রিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে জুবিন পত্নী গৰিমা শইকীয়াক জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ চলাই অহাৰ আহ্বান জনাইছে। লগতে অহা ১৯ অক্টোবৰত জুবিনৰ মৃত্যুৰ এমাহ সম্পূর্ণ হোৱা দিনটোত সমগ্র অসমৰ চুকে কোণে সত্যাগ্রহ পালনৰ আহ্বান জনাইছে।

জুবিনৰ মৃত্যুৰ দিন ধৰি সামাজিক মাধ্যমযোগে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিদিনে ধাৰাবাহিক সৰৱ হৈ থকা কবি প্রণব কুমাৰ বৰ্মনে শেহতীয়াভাবে এই সত্যাগ্রহ পালনৰ আহ্বানো সামাজিক মাধ্যমযোগে সদৰী কৰিছে।

আনকি সিদিনাৰ দিনটোত কোনোবাই যদি জুবিন গাৰ্গ সোঁৱৰণী ‘জুবিন ফাংচন’ পতাৰ পৰিকল্পনা চলাইছে সেয়াও বাদ দি কেৱল ন্যায়ৰ শক্তিশালী গতি তোলাৰ আহ্বান জনাইছে। সামাজিক মাধ্যমত তেওঁৰ আহ্বান-১৯ অক্টোবৰত জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ এমাহ হ’ব।

সকলোৱেই ভাবি আছে ‘জুবিন ফাংচন’ পাতিম। তাতকৈ সমগ্র অসমৰ জুবিনপ্রেমীসকলে সিদিনা ন্যায়ৰ বাবে গাঁৱে-ভূঞে, চহৰে-নগৰে ন্যায় বিচাৰি সত্যাগ্ৰহ কৰক। ন্যায়ৰ দাবী শক্তিশালী কৰি তোলক। ১৯ অক্টোবৰত কোনো ফাংচন নালাগে আমাক। সমগ্র অসমত ন্যায়ৰ দাবী সিদিনা শক্তিশালী হ’ব লাগে।’

আনহাতে, জুবিন পত্নী গৰিমা শইকীয়ালৈও কবিজনে আহ্বান জনাইছে এই বুলি- ‘এতিয়া সমাধি নহয় গৰিমা বৌ, জুবিনদাৰ মৃত্যুৰ প্রকৃত ন্যায় বিচাৰি ৰাজপথলৈ আহক, অন্যথা সমাধিতে আমৰণ অনশন আৰম্ভ কৰক। আপুনি এদিন ৰাজপথলৈ ওলাই আহিলেই লাখ লাখ ৰাইজ ওলাই আহি ন্যায় আজুৰি আনিব। আপোনাৰ এটা চিঞৰতে কিন্তু ন্যায় আহিবই।

Exit mobile version