মনীষৰ দীপাৱলীৰ পার্টিত ১৫ কোটিটকীয়া বেগ হাতত লৈ উপস্থিত নীতা

images 1 2

Nita Ambani:✒️বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মলহোত্রাই যোৱা শনিবাৰে বাসগৃহত দীপাৱলী উপলক্ষে এক পাৰ্টিৰ আয়োজন কৰিছিল। মনীষৰ এই পার্টিত বলিউডৰ বহুতাৰকাই অংশ লৈছিল।

উক্ত পার্টিত উপস্থিত আছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। নীতাৰ উপস্থিতি চৰ্চিত হোৱাৰ লগতে তেওঁ এই পার্টিত অংশ লোৱাৰ সময়ত হাতত লোৱা এটা বেগেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

মনীষৰ উক্ত পার্টিত অংশ লোৱা নীতাই হাতত লৈছিল এটা ডিজাইনাৰ প’র্চ। প্রকাশিত বাতৰি অনুসৰি উক্ত প’ৰ্টৰ মূল্য আছিল ১৫ কোটি টকা। বিলাসী ব্ৰেণ্ডৰ বেগসহ নীতাই মনীষে ডিজাইন কৰা ছিগনেচাৰ ছিলভাৰ চিকুইন শাড়ী পৰিধান কৰি পাৰ্টিত উপস্থিত হৈছিল।

সামাজিক মাধ্যমত উক্ত পার্টিত নীতাৰ উপস্থিতিৰ লগতে তেওঁ লোৱা বেগটোৰ বিশেষ চর্চা হৈছে। নীতাই ব্যৱহাৰ কৰা উক্ত বেগটো আছিল হমিছৰ এক স্পেচিয়েল এডিচনৰ মিনি বির্কিন বেগ।

Exit mobile version