Zubeen Garg:✒️প্ৰাণৰ শিল্পীক অকালতে গভীৰ ৰহস্যজনক পৰিস্থিতিত হেৰুৱাই বেদনাহত ন্যায় প্ৰদানৰ যুঁজৰ শাৰীত ধৈর্য সহকাৰে থিয় দিয়া অগণন মানুহৰ বাবে যেন তীর্থস্থানত পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিস্থলী সোণাপুৰৰ সমাধিস্থলীত জুবিনে বিচৰা ধৰণেই নানা জাতি-ধৰ্ম-ভাষা-বৰ্ণৰ লোকৰ লানি নিছিগা সমাবেশ বিগত ২৫ দিন ধৰি অব্যাহত থকাই নহয়, দুগুণ উৎসাহবে বৃদ্ধি পাইছে এই জনস্রোতৰ যেন সিৰাই সিৰাই প্রবাহিত হৈছে জুবিনৰ সংগীত আৰু অসাধাৰণ ব্যক্তিত্ব।
দিনটো কঠোৰ শ্রম কৰি অৰ্জা ধনেৰে যোগাৰ কৰা ভাতসাঁজ সন্ধিয়াতে খাই শোৱাপাটীলৈ যোৱাজনেও জীৱন যাত্ৰাৰ দৈনন্দিন পৰিধি ভাঙি গভীৰ নিশা মৰম যাচিবলৈ, প্রণিপাত জনাবলৈ বহু দূৰদূৰণিৰ পৰা আহিছে পুৰুষ-মহিলাৰ দল।
ৰাতিটো যেন আৰু দীঘল হওক: ইয়াতে আৰু কিছুপৰ থাকিবলৈ মন নগাঁৱৰ কামপুৰৰ পৰা পাঁচগৰাকী মহিলাৰ দল এটাই অন্যান্যসকলৰ স’তে সমাধিত বহি জুবিনৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে ন্যায়ৰ দাবী তোলে।
চম্পা হীৰা আৰু দীপালী হীৰা নামৰ মহিলা দুগৰাকীয়ে কয়, ‘জুবিনদাৰ মৰমতে ইয়ালৈ আহিলো। ভাল পাওঁ, সেইকাৰণে আহিছো। বহুদিন ভাবি আছিলো আহিম বুলি। কিন্তু ধনৰ যোগাৰ কৰিব পৰা নাছিলো। এতিয়া ইটো-সিটো কাম কৰি এখন গাড়ী ভাড়া কৰি আহিছো আমি পাঁচজনী মহিলা। মনৰ দুখতে আহিছো। আমি ৰ’ব পৰা নাই। এনে এক অৱস্থা হৈছে। তেওঁ সোনকালে ন্যায় পোৱাটো বিচাৰিছো। যিসকলে তেওঁক ষড়যন্ত্ৰ কৰি মাৰিলে তেওঁলোকৰ কঠোৰ শাস্তি হ’ব লাগে। তেওঁলোক সমাজৰ আৱৰ্জনা। সেইসকলৰ শাস্তি ৰাইজৰ চকুৰ সম্মুখতে হ’ব লাগে। জুবিনদাই ন্যায় লাভ কৰক। গৰিমাই ন্যায় পাব লাগে, অসমবাসী ৰাইজে ন্যায় পাব লাগে।’
যোৱা ২৫ দিন তেওঁলোকে কেৱল টিভি চায়ে, ম’বাইলত জুবিনৰ ভিডিঅ’ চায়ে কটাইছে বুলিও ক’লে ‘দৈনিক অগ্রদূত’ক। তেওঁলোকে কয়, ‘কাম-বন কৰিব মন নাযায়। ম’বাইলটোকে সময় পালে চাই থাকো। টিভিটো খুলি চাওঁ। আমি গৰু-ছাগলী পুহো। ঘৰত বহুত কাম। আজি নিশাটো ইয়াতে কটাম বুলি আহিছো। ৰাতিটো গৰু-ছাগলী বান্ধি থৈ আহিছো। বাতি কাম নাথাকে। পোহৰ হ’লেই আকৌ ঘৰলৈ গৈ কাম কৰিব লাগিব। সেই কাৰণে পুৱা চাৰি বজাতে যামগৈ। কাৰণ ঘৰত পোহনীয়া জীৱ-জন্তুবোৰ আছে। আমি ধান কটাৰ পৰা সকলো কামেই কৰো। অতি সোনকালে ন্যায় লাগে আমাক। কথাবোৰ দীঘলীয়া হৈ গৈছে। ইয়ালৈ আহি উভতিবলৈ মন যোৱা নাই। এনেকুৱা লাগিছে যেন নিশাটো আৰু দীঘল হওক।’ তেওঁলোকে কয় যে আগতে কেতিয়াও এইদৰে অকলে নিশা বাহিৰলৈ অহা নাই। এয়ে প্রথম যে ঘৰতো বাধা দিয়া নাই।
মোৰ দুখৰ অন্ত নাই: সান্ত্বনা দিয়া জনো হেৰাই গ’ল
‘তেওঁৰ গীতত আছে বহু দুখ আৰু সুখ। তেওঁৰ গান শুনিলে মন জুৰায়, শান্তি পাওঁ। দুখ-সুখ-শান্তি-অশান্তি সকলোখিনিয়ে আছে তেওঁৰ গানত। মোৰ ল’ৰাই মোক যেতিয়া গুৱাহাটীৰ পৰা মঙলদৈৰ ঘৰলৈ লৈ যায় তেতিয়া ওৰে বাট কেৱল জুবিনৰ গানে শুনো। ল’ৰাটোৱে জানে যে মাৰ মনত বহুত দুখ জমা হৈ আছে। দেউতাও নাই। জুবিনৰ গান শুনি শুনি যাওঁ। মই হয়তো এইদৰে মাজনিশা অহাৰ বাবে মোৰ পৰিয়াল বা আন কোনোবাই বেয়া পাব পাৰে, কিন্তু মই কি ক’ম আৰু! মোৰ ভাষা নাই। মই ঘৰত থাকিব নোৱাৰি ইয়ালৈ আহিছো। মই সৰুসজাইতো গৈছিলো।’ এইদৰে কান্দি কান্দি কয় মহিলাগৰাকীয়ে। মঙলদৈৰ নিৱাসী মহিলাগৰাকীয়ে কয়, ‘মোৰ বাবে ২০২৫ বৰ দুখৰ। ২৫ জানুৱাৰী মোৰ ডাঙৰ জাঁ গৰাকী ঢুকাল, ২৫ ফেব্ৰুৱাৰীত মোৰ স্বামীৰ বিয়োগ হ’ল, ছেপ্টেম্বৰত মোৰ বৰজনাও ইহ সংসাৰ এৰি গ’ল। তাৰ পাছত এখেতো গ’ল, জুবিনদা। কেনেকৈ থাকো কওকচোন। বহুত দুখ পাইছো মই, পাগলৰ দৰে হৈছো। এতিয়া মই থাকিব নোৱাৰো। কেতিয়া নিশাৰ আন্ধাৰ আঁতৰি দিনৰ পোহৰ হয় তাৰ অপেক্ষাতে থাকো। মই ঘৰুৱা বনখিনি কৰি, নামাজ আদায় কৰি কেৱল ম’বাইলে চাই থাকো। টিভিটো চাবলৈ ৰৈ থাকো। জুবিনদাৰ কথা, জুবিনদাৰ গানে এতিয়া জীৱনৰ সম্বল হৈছে। আমাক ন্যায় লাগে।’ তেওঁৰ স’তে অহা পুত্রয়ো ক’লে যে কি ষড়যন্ত্ৰৰ বলি হ’ল এই বিতং তথ্য জানিব বিচাৰে। তেওঁ ন্যায়ৰ দাবী কৰে। কি হ’ল, কিহৰ বাবে আমাৰ মহান শিল্পীগৰাকীৰ এই অৱস্থা হ’ল সেয়া জানিব বিচাৰে বুলি কয় যুৱকজনে। মহিলাগৰাকীয়ে পুনৰ কয়, ‘দুখৰ জীৱনত আছিল জুবিনদা আৰু তেওঁৰ গান। তেওঁ কিয় এনেকৈ নোহোৱা হ’ল? আমাক উত্তৰ লাগে। আমি উত্তৰ পামনে?’
বিশ্বনাথ চাৰিআলিৰ পৰা অহা মহিলা এগৰাকীয়ে কয়, ‘জুবিনদা বৰ সহজ-সৰল আছিল। মোৰ এখন তামোল-পাণৰ দোকান আছে। তেওঁ আমাৰ সিফালে প্রায়ে যায়। কিন্তু মই লগ পোৱা নহ’ল। এতিয়া এইদৰেই চাবলৈ আহিছো জুবিনদাক। এবাৰ জুবিনদাই দমকল মাৰি থাকোতে মোৰ শাহুআয়ে হাতত পানীৰ জাৰ এটা লৈ থকা দেখি তেওঁ নিজে দমকল মাৰি পানী ভৰাই দিছিল। ইমান সহজ-সৰল মানুহ। পাখি পাখি গীতটো গোৱাৰে পৰা জুবিনদাক চোৱাৰ হেঁপাহ আছিল।’ মৰাণৰ পৰা অহা এজন লোকে ক’লে যে তেওঁ পূর্বতে সাতদিন সমাধি ক্ষেত্রতে দিনে-নিশাই থাকি ঘৰলৈ উভতি গৈছিল। এতিয়া আকৌ কেইদিনমান থাকিম বুলি আহিছে। তেওঁ সমাধি ক্ষেত্রখন যাতে চাফ-চিকুণ হৈ থাকে তাৰ বাবে ব্যস্ত হৈ থাকে।
গভীৰ নিশা সমাধিত অনুৰাগীয়ে গালে জুবিনৰ গান
‘মায়াবিনী…’ গীতৰ অনুৰণন সমাধি ক্ষেত্ৰৰ চৌপাশে। গভীৰ নিশাও এখন এম্বুলেন্সৰ ওপৰত উঠি এজন যুৱকে এটাৰ পাছত আনটো জুবিনৰ গীতৰ আঁত ধৰিছে আৰু তলত থিয় হৈ থকাসকলে সমস্বৰে গাইছে। তাৰ মাজতে এচামে ‘জয় জুবিনদা’ বুলি চিঞৰিছে। এইদৰে জুবিন প্রেমত, জুবিনৰ গীতত মতলীয়া হৈছে যুৱকৰ দল। সমাধিক্ষেত্রত দেখা গ’ল এনে বিভিন্ন দৃশ্য, যেন একো একোটা সংগীতময়, ভক্তিৰ দৃশ্যপট। সমাধিৰ পৰা সামান্য নিলগত পাৰি থোৱা পলিথিনৰ ওপৰত বহি আন এক তরুণ-তরুণীৰ দলে গীটাৰ বজাই গাইছে জুবিনৰ গীত। কোনোবাই এটা ঢোল বজাইছে, কোনোবাই বজাইছে বাঁহী। যেন সিৰা-উপ-সিৰাত, ৰক্ততে প্ৰৱাহিত হৈছে জুবিনৰ সংগীত। এনে যুৱকৰ দল এটাই কয়, ‘আমি প্রায় প্রতি নিশা ইয়ালৈ আহো। দাদাকনো কিদৰে অকলে এৰি দিওঁ। আমাক দাদাৰ হত্যাৰ ন্যায় লাগিবই। কোনো যাতে সাৰি নাযায়।’ তাত উপস্থিত থকা এজন আদবয়সীয়া লোকে কয়, ‘সঁচাকৈয়ে বৰ ভাল লাগিছে যে আজিৰ প্ৰজন্মক এইদৰে সংগীতৰ নিচাত বুৰ যাবলৈ শিকালে জুবিনে। জুবিনে কৈছিল সংগীত থাকিবই লাগিব। তেতিয়াহে জীপাল হৈ থাকিব জাতি






























