AASU:আজিৰ বৈঠকলৈ নাযায় আছু !

জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ তদন্ত কৰা SITৰ বৈঠকত অংশ নলয় আছুৱে' ঘোষণা আমন্ত্ৰণ প্ৰাপ্ত আছুৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ

CID2

AASU:

জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দর্ভত SIT এ আহ্বান জনোৱা আলোচনাত অংশ নলয় সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যাই। দোষীয়ে যাতে এই আলোচনাৰপৰা আদালতত নিজৰ পক্ষে আইনী সুবিধা লৈ সাৰি যাব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়েই ছাত্র সন্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে। ছাত্র সন্থাই ইতিমধ্যে এই আলোচনাত অংশ নোলোৱাৰ সিদ্ধান্ত অবগত কৰি SIT লৈ চিঠি প্ৰেৰণ কৰিছে। ছাত্র সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট আইনজ্ঞৰ পৰামর্শক্রমে এই সিদ্ধান্ত গ্রহণ কৰিছে।
SIT-ৰ মুৰব্বী মুন্না প্রসাদ গুপ্তালৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা চিঠিত কোৱা হয় যে- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ জনসাধাৰণে SIT ৰ মুখলৈ বাট চাই আছে। ছাত্র সন্থায়ো নিজৰ মত স্পষ্টভাবে প্রকাশ কৰি আহিছে যে জুবিন গার্গে ন্যায় পাবই লাগিব। প্ৰাণৰ শিল্পীগৰাকীৰ অস্বাভাৱিক মৃত্যু সন্দর্ভত ক্ষিপ্র, পানী নসৰকা তদন্ত হ’ব লাগিব। SIT-এ সাক্ষ্য-প্রমাণসহ এনে এখন কটকটীয়া চার্জশীট প্রস্তুত কৰক যাতে আইনৰ সুৰুঙাবে দোষী সাৰি যাব নোৱাৰে। দোষীয়ে কঠোৰতম দৃষ্টান্তমূলক শাস্তি পাবই লাগিব।
SIT এ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰিবলৈ ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাক আমন্ত্রণ কৰিছে। আন কেইবাগৰাকীও ব্যক্তিক এই আলোচনালৈ আমন্ত্রণ জনোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে ছাত্র সস্থা অবগত হৈছে।
ছাত্র সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰেপৰা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰ জ্যোতি গোস্বামী প্রমুখ্যে দোষীসকলৰ কঠোৰ শাস্তিৰ দাবী জনাই আহিছে। প্রাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্রামখনত ছাত্র সন্থা জুবিন গাৰ্গৰ পক্ষত। তেনে প্রেক্ষাপটত SIT-ব তদন্ত প্রক্রিয়া সন্দর্ভত ছাত্র সস্থা আলোচনাত মিলিত হ’লে দোষীৰ পক্ষই আদালতত তদন্তৰ নিৰপেক্ষতাক লৈ প্রশ্ন তুলিব পাৰে। আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অজুহাত বিচাৰিব পাৰে। সেই সুযোগ জাতীয় শত্রুসকলক দিয়াৰ প্রশ্নই আহিব নোৱাৰে। সেয়েহে SIT-ৰ আমন্ত্রণক্রমে আলোচনাত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ ছাত্র সন্থাই সিদ্ধান্ত গ্রহণ কৰিছে।
Exit mobile version