AASU Protest : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত দীঘলীপুখুৰীপাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কার্যসূচী

assu protest

AASU Protest :

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি আছুৱে আহ্বান জনোৱা অৱস্থান বিক্ষোভ কাৰ্যসূচী আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে ৷ হাতে হাতে প্লে কাৰ্ডলৈ কে’বা শতাধিক আছু কৰ্মী সহ আছুৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচার্য,সভাপতি উৎপল শৰ্মা ,সাধাৰণ সম্পাদক সমীৰণ ফুকনে বিক্ষোভ কাৰ্যসূচীত অংশ লয় ৷ আছুৰ মুখ্য উপদেষ্টা ড: ভট্টাচাৰ্যই কয়, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হোৱাৰ লগতে এখন কটকটীয়া চার্জশীট দিব লাগে ৷ আইনৰ সুৰুঙাৰে দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে ৷ একেদৰে জুবিন গার্গে ন্যায় পাব লাগিব, দোষীয়ে কঠোৰ শাস্তি পাব লাগিব৷ অসমীয়াৰ হিয়াৰ আমঠু গৰাকীয়ে ন্যায় নোপোৱালৈকে ক্ষান্ত নহয় আছু ৷
আনহাতে,আছুৰ বিক্ষোভত অংশগ্ৰহণ কৰা আছুৰ সভাপতিয়ে কয়,জুবিনক লৈ ৰাজনীতি কৰিলে সেইসকল ধ্বংস হৈ যাব’। জুবিন গাৰ্গ জীৱিত অৱস্থাত যিমান শক্তিশালী আছিল, বৰঞ্চ মৃত অৱস্থাত বেছি শক্তিশালী’। ‘আগ্নেয়গিৰিৰ লগত শাসক- বিৰোধীয়ে ৰাজনীতিৰ খেল নেখেলাটো ভাল’।
Exit mobile version