AYM Pressmeet:জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ হাতযোৰ কৰি আহ্বান অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ

aym pressmeet

AYM Pressmeet:

ছিংগাপুৰত সাগৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যু হোৱা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ হাতযোৰ কৰি কাতৰ আহ্বান জনালে অসমীয়া যুৱ মঞ্চৰ সহ সম্পাদক আকাশ শইকীয়াই ৷
আমগুৰিত আয়োজন কৰা এক সংবাদমেলত অসমীয়া যুৱ মঞ্চৰ শীৰ্ষ নেতা গৰাকীয়ে কয়,জুবিনদাৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ গোচৰ ফাষ্টটেক আদালতত বিচাৰ কৰি অসমবাসীলৈ ভাল খবৰ দিয়ক মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ অটল বিশ্বাস আছে, তেখেতে কৰি দেখুৱাব পাৰিব ৷
আনহাতে,বেনাৰ পোষ্টাৰ লগায় গৌৰৱ গগৈয়ে ৰেলি কৰিছে, তাত মায়াবিনী গীতটো লগাইছে, হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ হুংকাৰ দিয়ে শইকীয়াই ৷
দেৱালীত আতচবাজী ফুটোৱাৰ সন্দৰ্ভত নেতা গৰাকীয়ে কয় এইবাৰ দিপাৱলীত ফটকা আতচবাজী ফুটোৱাৰ পৰিৱৰ্তে সকলোৱে চাকিবন্তি জ্বলাই হিয়াৰ আমঠু গৰাকীক শ্ৰদ্ধাঞ্জলী জনাবলৈ আহ্বান জনাই অসমীয়া যুৱ মঞ্চৰ নেতা গৰাকীয়ে ৷
Exit mobile version