Guwahati:শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাৰ চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব আজি

ss lockup

Guwahati:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত চিআইডিৰ জিন্মাত থকা শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আজি ম্যাদ উকলিব ৷ আজি দুয়োকে চিআইডি হেড কোৱাৰ্টাৰস্থ লকআপৰ পৰা পোনে পোনে লৈ যোৱা হ’ব কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ ৷ তাৰ পৰা তেওঁলোকক কোন খন কাৰাগাৰত ৰখা হ’ব সেয়া নিশ্চিতভাৱে জানিব পৰা হোৱা নাই যদিও এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৰখা হ’ব পাৰে মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগৰলৈ ৷
ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰৰ ভিতৰত দুটা সুকীয়া চেলৰ ব্যৱস্থা কৰি প্ৰতিটো চেলত চিচিটিভি সংযোজন কৰিছে ৷ আনহাতে দুই ২ অভিযুক্তই জামিনৰ বাবেও আবেদন জনোৱাৰ সম্ভাৱনা আছে যদিও চৰকাৰী লোক অধিবক্তাই জামিনৰ বিৰোধিতা কৰিব পাৰে ৷ অৱশ্যে এইয়া স্পষ্ট হ’ব ২ অভিযুক্তক চিজেএম আদালতত হাজিৰ কৰাৰ পিছত ৷
Exit mobile version