SIT:✒️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী যিমানে শক্তিশালী হৈছে, সিমানেই এই ঘটনাৰ তদন্তকাৰী গোট এছআইটিয়ে থৰকাছুটি হেৰুৱাইছে নেকি? তদন্তকাৰী সংস্থাৰ শেহতীয়া কার্যকলাপে সমগ্র বিষয়টোক চৰম বিভ্রান্তিৰ মাজলৈ ঠেলি দিছে।
ৰাইজে বিচৰা ধৰণে জুবিনৰ হত্যাৰ তদন্ত খৰতকীয়া হ’ব নে নাই সেয়া এতিয়া এক যেন উত্তৰবিহীন প্রশ্ন হৈ পৰিছে। পৰিয়ালৰ লগতে ৰাইজে তাৎক্ষণিক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিলেও আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে তিনি মাহ অর্থাৎ ৯০ দিনৰ ভিতৰতহে অভিযোগনামা দাখিল কৰিব।
লক্ষ্যণীয় যে অপৰাধৰ গোচৰৰ অভিযোগনামা দাখিলৰ আইনগতভাবে ধার্য সর্বোচ্চ সময়সীমাই হৈছে তিনিমাহ অর্থাৎ ৯০ দিন। ইপিনে, এই অপৰাধ গোচৰৰ তদন্ত অব্যাহত থকাৰ মাজতে এছআইটিয়ে হঠাতে ৰাজ্যৰ কেইজনমান ব্যক্তিক কি আলোচনাৰ বাবে কালি আমন্ত্রণ জনায়।
এছআইটিয়ে তেওঁলোকক কিয় আলোচনালৈ আমন্ত্রণ জনালে তথা গোচৰৰ তদন্তৰ স’তে এই বিষয়ৰ কিবা সংগতি আছে নেকি, তাকে লৈ সামাজিক মাধ্যমত তুমুল চর্চা চলিছে। ইয়াৰ মাজতে বৈঠকত অংশগ্রহণ কৰাসকলে অভিযোগনামা ৯০ দিনৰ ভিতৰত দাখিল কৰা হ’ব বুলি তেওঁলোকক এছআইটিৰ তৰফৰ পৰা সদৰী কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত জনায়।
ফৌজদাবী গোচৰৰ তদন্ত প্রক্রিয়াত এইদৰে একাংশ লোকৰ মতামত গ্রহণ অথবা আলোচনা কৰাৰ কিবা ব্যৱস্থা আছে নেকি বুলিও প্রশ্ন উঠিছে। এনে বিতৰ্কৰ প্ৰেক্ষাপটত কে’বাজনো আজিৰ বৈঠকত উপস্থিত নাথাকিল। এছআইটিৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে বিভিন্ন ক্ষেত্ৰৰ ১৩জন ব্যক্তিৰ স’তে বাৰ্তালাপৰ বাবে কালি উদ্যোগ লয় যদিও কে’বাজনেও প্রস্তাব নাকচ কৰাত বিপাঙত পৰিল নতুন নতুন নাম তালিকাত সংযোজন কৰা হয়। সেইসকলৰ মাজৰ ছজন মঙলবাৰে বার্তালাপত উপস্থিত থাকে।
প্রায় ডেৰ ঘণ্টাজুৰি অসম আৰক্ষীৰ অতিথিশালাত অনুষ্ঠিত এই কাৰ্যসূচীৰ পাছত অংশগ্রহণকাৰী কে’বাজনে বৈঠকৰ ফলাফলৰ অংশবিশেষ সদৰী কৰে। এই বৈঠকৰ বিষয়টোক লৈ সামাজিক মাধ্যমত চর্চা চলি থকাৰ মাজতে হঠাতে আন এক চৰ্চা আৰম্ভহয়। সেয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)ত জুবিন গাৰ্গৰ শরদেহব মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ‘ভাইৰেল’ হোৱা সম্পর্কীয় চর্চা।
এই প্রতিবেদন কিদৰে ভাইৰেল হ’ল। বিভিন্ন হোৱাটছএপ গ্রুপত এই প্রতিবেদন ভাইৰেল হোৱা বুলি চর্চা হৈছে। কোনে কৰিলে, কিয় কৰিলে আৰু ইয়াৰ তদন্ত হ’ব নে নাই সেয়াও এক বৃহৎ প্রশ্ন। ইয়াকে লৈ এতিয়া মৰণোত্তৰ প্ৰতিবেদনৰ গোপনীয়তাকলৈও গভীৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। বিশিষ্টসকলক কি জনালে এছআইটিয়ে এছআইটিৰে বাৰ্তালাপৰ অন্তত বিশিষ্টসকলৰ একাংশই সংবাদ মাধ্যমত প্রকাশ কৰা ভাষ্যত স্পষ্ট হয় যে তিনি মাহৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰা হ’ব আৰু সেয়া অতি কঠোৰ হ’ব বুলি এছআইটিয়ে তেওঁলোকক জনায়।
অসম আৰক্ষীৰ দলেও ছিংগাপুৰলৈ গৈ জুবিনৰ মৃত্যুৰ তদন্ত চলোৱাৰ দুৱাৰ মুকলি হৈছে। আজি ছিংগাপুৰলৈ যাবলগীয়া আৰক্ষী দলৰ তথ্য বিচাৰি ৰাষ্ট্ৰখনৰ এটর্ণি জেনেবেলে ই-মেইল প্রেৰণ কৰিছে। বৈঠকত এই কথাও সদৰী কৰা হয় যে জুবিনৰ মৃত্যুক লৈ ছিংগাপুৰৰ ১১ জন প্রৱাসী অসমীয়াক এছআইটিৰ সম্মুখত হাজিৰ হ’বলৈ চমন দিয়া হৈছিল। তাৰে ১০ জন উপস্থিত হোৱাটো নিশ্চিত হৈছে। ৰাজিদ হুছেইন নামৰ লোকজনে ছিংগাপুৰৰ নাগৰিক হোৱা হেতু প্রয়োজনীয় নীতি- নিয়মবোৰ সম্পূৰ্ণ হ’লেহে অসমলৈ আহি সাক্ষ্য দিব পাৰিব।
অসমৰ সমান্তৰালকৈ ছিংগাপুৰতো দেশখনৰ আৰক্ষীয়ে জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে। তাৰ বাবে অসম আৰক্ষীৰ পৰা যিবোৰ তথ্য ছিংগাপুৰ আৰক্ষীয়ে বিচাৰিছিল সেইবোৰ ইতিমধ্যে যোগান ধৰা হৈছে। শেহতীয়াকৈ ছিংগাপুৰ আৰক্ষীয়ে জুবিনৰ স্বাস্থ্য সংক্রান্তীয় নথিপত্রও বিচাৰিছে।
বৈঠকত ভাগ লোৱা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কয় যে তেওঁলোকে ১০ দিনৰ ভিতৰত জুবিনক ন্যায় প্রদানৰ দাবী জনোবা নাই। নিয়ম অনুসৰি অভিযোগনাম দাখিল কৰিবলৈ কৈছে। কিন্তু এই অভিযোগনামা কোনো প্রকাৰে দুৰ্বল হ’ব নোৱাৰিব। উল্লেখ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা গার্গে ১০ দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত এটা প’ষ্ট প্রকাশ কৰে।
ভূঞাই লগতে কয়, ‘জুবিন আমাৰ সম্পদ আছিল। বিহ খুৱাই বা কি ধৰণে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল সেয়া অভিযোগনামাই স্পষ্ট কৰিব লাগিব। ছিংগাপুৰলৈ নি শ্যামকানু মহন্তই কিয় দায়িত্ব নল’লে জুবিনৰ লগত ২৪ ঘণ্টাই থাকিব পৰা এজন মানুহ কিয় নিয়োগ নকৰিলে? হত্যাৰ মানসিকতাৰে জুবিনক মৃত্যুলৈ ঠেলি দিয়া ঘটনাও হ’ব পাৰে। কাৰোবাৰ দায়িত্বহীনতাৰ বাবে অসমে জুবিনৰ দৰে এটা সম্পদক হেৰুৱালে নেকি?’
তদন্ত প্রক্রিয়া ভালদৰে চলিছে বুলিও ভূঞাই মন্তব্য কৰে। সংবাদ মাধ্যমক বিশিষ্ট লোকসকলৰ একাংশই সদৰী কৰা অনুসৰি, জুবিনৰ ঘটনাক লৈ ইতিমধ্যে তদন্তৰ যিবোৰ তথ্য পোহৰলৈ আহিছে, তাৰ উপৰঞ্চি ১০ শতাংশহে নতুন কথা তেওঁলোকক আজি জনোৱা হৈছে। বিশিষ্ট চিকিৎসক ডাঃ শুভ্র কিংকৰ গোস্বামীয়ে কয় যে অভিযোগনামা যাতে কঠোৰ হয় সেই বিষয়ে আজি তেওঁলোকে এছআইটিক কয়। ডাঃ গোস্বামীয়ে কয় যে তেওঁলোকক আজি জুবিনৰ মৰণোত্তৰ পৰীক্ষা সংক্রান্তীয় কোনো তথ্য অৱগত কৰা নাই অথবা দেখুওৱা নাই।
অভিনেতা প্রাঞ্জল শইকীয়াই কয় যে অভিযোগনামা শক্তিশালী হ’বই লাগিব বুলি আজি স্পষ্টভাবে এছআইটিক জনাই দিয়া হয়। আনহাতে, এছআইটিয়ে তেওঁলোকক জানিবলৈ দিয়া মতে ইতিমধ্যে প্রায় ৫০ জনৰ সাক্ষ্য গ্রহণ কৰা হৈছে। গ্রেপ্তাৰ হোৱা অমৃতপ্রভা মহন্তই নিজৰ ম’বাইল ফোনৰ পৰা মচি পেলোৱা ভিডিঅ’টো কালি উদ্ধাৰ কৰা হয়।’
কালিৰ সভাৰ আন এজন অংশগ্রহণকাৰী ডাঃ হিতেশ বৰুৱাই কয়, ‘আমি কৈছো যে কেরল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্নিবিষ্ট কৰি অভিযোগনামা দাখিল কৰিলে নহ’ব। এই অভিযোগনামাত স্পষ্ট হ’ব লাগিব যে জুবিনৰ মৃত্যুৰ বাবে কোন প্রকৃততে দায়ী। জুবিনক কৰা অৱহেলা অভিযোগনামাত স্পষ্ট হ’বই লাগিব।’
লক্ষ্যণীয়ভাবে কালিৰ সভাখন আয়োজনৰ উদ্দেশ্য কি আছিল সেয়া অবগতই নহয় বুলি ভূঞাই সাংবাদিকৰ আগত সদৰী কৰে। সভাখনত উপস্থিত থকা আন দুজন হ’ল সাংবাদিক সঞ্জীৱ ফুকন আৰু শিবানু বৰা। আনহাতে, এছআইটিৰ পৰা সকলো বিষয়া উপস্থিত থাকে ।






























