Zubeen Garg:✒️ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰত থকা পাঁচ অভিযুক্ত শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা,সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ১৪দিনৰ বাবে লকআপত আছিল ৷
আজি পুৱা পাঁচ অভিযুক্তক হেণ্ডকাফ লগাই চিআইডি হেড কোৱাৰ্টাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতলৈ অনা হয় ৷
আদালতত হাজিৰ কৰাৰ পাছতে চিজেএম আদালতে ১৪ দিনৰ বাবে প্ৰেৰণ কৰে ন্যায়িক জিন্মালৈ ৷
সেই অনুসৰি শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা,সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ পৰৱৰ্তী ঠিকনা হ’ল বাকসাৰ জিলা কাৰাগাৰ৷
ইতিমধ্যে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অভিযুক্তকেইজনক বাকসা নিকাছিস্থিত কাৰাগাৰলৈ নিয়া হয়।
ইফালে বাকসালৈ নিয়াৰ পথতে জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় সিদ্ধাৰ্থ আৰু শ্যামকানু। বৰমাত জুবিন অনুৰাগীৰ প্ৰতিবাদ।
উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাঁচ অভিযুক্তক বাকসালৈ নিয়াত ক্ষোভ স্থানীয় ৰাইজৰ।
বাকসাত অভিযুক্তৰ গাড়ী প্ৰৱেশ কৰাৰ লগে লগে ৰাইজৰ প্ৰতিবাদ। স্থানীয় ৰাইজ তথা জুবিন অনুৰাগীয়ে ক্ষোভত অভিযুক্তৰ গাড়ীলৈ নিক্ষেপ কৰিছে শিল।ইফালে বাকসা কাৰাগাৰতো বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।






























