CID:
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা এছ আইটিৰ ওচৰত ইতিমধ্যে ইজনৰ পিছত সিজনকৈ প্ৰৱাসী অসমীয়া হাজিৰ হোৱাৰ পিছত আজি চিআইডি হেড কোৱাৰ্টাৰত ভাষ্য প্ৰদানৰ বাবে উপস্থিত হয় সুস্মিতা গোস্বামী ৷ য়টত জুবিন থকাৰ সময়ত অমৃত প্ৰভা মহন্তৰ স’তে একেলগে আছিল সুস্মিতা গোস্বামী।
আনহাতে এছ আইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই প্ৰৱাসী অসমীয়াই ভাষ্য প্ৰদান সন্দৰ্ভত কয় , আজি সুস্মিতা গোস্বামী এছ আইটিৰ ওচৰত নিজৰ ভাষ্য প্ৰদান কৰিছে আৰু তিনিজন প্ৰৱাসী অসমীয়া আজি গুৱাহাটীত উপস্থিত হ’ব । এছআইটিয়ে চমন জাৰি কৰা ১০ জনেই হাজিৰ হৈছে। এজন আহিব বিচাৰিছে ৷তেওঁৰ নাম হ’ল ৱাজিদ আলী ৷ কিন্ত তেওঁ ছিংগাপুৰৰ নাগৰিক হোৱা হেতুকে কিছু কাৰিকৰী কাৰণত গুৱাহাটীত উপস্থিত হোৱাত পলম হ’ব বুলি জনাইছে আলীয়ে ৷ ভাষ্য প্ৰদানৰ বাবে আলী নিজেই আগ্ৰহী হোৱা হেতুকে ছিংগাপুৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে গুৱাহাটী অচিৰেই উপস্থিত হ’ব বুলি এছ আই টিক জনাইছে ৷ADVERTISEMENT




































