Singapore:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ তদন্ত কৰি থকা এছ আই টিক ছিংগাপুৰলৈ যাবলৈ সেউজ সংকেত দিয়ে ছিংগাপুৰ প্ৰশাসনে ৷
এই সন্দৰ্ভত চিআইডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমক কয়,ছিংগাপুৰস্থ ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে এছ আই টিৰ কিমানজন বিষয়া তদন্তৰ বাবে আহিব বুলি তাৰ তালিকা বিচাৰিছিল ছিংগাপুৰ প্ৰশাসনে ৷ সেই অনুসৰি মঙলবাৰে চি আইডিয়ে ভাৰতীয় দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ অচিৰেই এছআইটি দল তদন্তৰ বাবে উপস্থিত হ’ব ছিংগাপুৰত ৷

ADVERTISEMENT




































