Diwali:✒️এইবাৰ দীপাৱলীত ৰাজ্যত ফটকা ফুটাবনে নুফুটায় সেই লৈ এক বিতৰ্কৰ সূচনা হোৱাৰ সময়ত তেজপুৰত অনুজ্ঞাপ্রাপক ফটকাৰ ব্যৱসায়ীসকলো শংকিত হৈ পৰিছে। আনহাতে, তেজপুৰ আৰু পার্শ্ববর্তী অঞ্চলত ভালেসংখ্যক ব্যৱসায়ীয়ে বছৰি লাখ লাখ টকাৰ ফটকাৰ ব্যৱসায় কৰি আহিছে অবৈধভাবে।
প্রণিধানযোগ্য যে ২০১৫-১৬ত তেজপুৰৰ এজন অবৈধভাৱে প্ৰচুৰ পৰিমাণৰ ফটকা বিক্ৰী কৰা ব্যৱসায়ীৰ গুদাম ছীল কৰিছিল প্রশাসনে। কিন্তু পাছত নিশাটোৰ ভিতৰতে মধ্যস্থতাকাৰীৰ সহযোগত গোপন বুজাবুজি হোৱাৰ পৰিণতিত সেই ব্যৱসায়ীয়ে পুনৰ আৰম্ভ কৰা ফটকাৰ অবৈধ বেহা আজিলৈকে বাহাল আছে।
উল্লেখ্য যে শাৰদীয় দুর্গা পূজাৰ পাছৰ পৰাই দীপাৱলীলৈকে এনে একোটা ফটকাৰ অবৈধ বাইকাৰী বিক্রেতাই দৈনিক বিক্ৰী কৰে সাত-আঠ লাখ টকাৰ ফটকা। তেজপুৰ চহৰত বৰ্তমান ফটকা বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা পাইকাৰী প্ৰতিষ্ঠানৰ সংখ্যা মাত্ৰ চাৰিটাহে। জইন, ধাদা, ডেকা আৰু হক ব্ৰাদাৰ্ছৰ বাহিৰে আন কোনো পাইকাৰী বিক্রেতাৰ অনুজ্ঞাপত্ৰ নাই যদিও সম্প্রতি গৰৈমাৰী, তেজপুৰ ত্রিবেণী, কবৰখানা বজাৰ, তেজপুৰ চহৰত প্ৰায় একুৰিৰ অধিক ব্যৱসায়ীয়ে অনুজ্ঞাপত্র অবিহনে ফটকাৰ অবৈধ বেহা পাইকাৰীভাৱে চলাই গৈছে। ইয়াৰে একাংশই নগাঁও বা গুৱাহাটীৰ পৰা সংগ্ৰহ কৰে প্ৰয়োজনীয় ফটকা তথা আপ্তচবাজী আদি।
উল্লেখ্য যে এইদৰে অনুজ্ঞাপত্র অবিহনে ফটকাৰ এখন ক’লা বজাৰ তেজপুৰত চলি থকাৰ কথা সৰ্বজনবিদিত যদিও সংশ্লিষ্ট সকলো চৰকাৰী পক্ষই এই ক্ষেত্ৰত দেখিও নেদেখাৰ ভাও জুৰি আহিছে ভিতৰুৱা বুজাবুজিৰ বাবেই। প্রণিধানযোগ্য যে তেজপুৰত পূর্বে দীপাৱলীৰ সময়ত চাৰি-পাঁচ কোটি টকাৰ ফটকাৰ ব্যৱসায় হয় সামগ্রিকভাবে।
একোটা অনুজ্ঞাপত্র থকা পাইকাৰী ফটকা প্রতিষ্ঠানে এই সময়ত ৩০ লাখৰ পৰা কোটি টকা পর্যন্ত ফটকা, আতচবাজী সংগ্ৰহ কৰে আৰু তেনেদৰে বিক্ৰীও কৰে। একেদৰে অবৈধ পাইকাৰী বিক্রেতাসকলেও সংগ্ৰহ কৰে লাখ লাখ টকাৰ ফটকা তথা আতচবাজী। এইবাৰো অনুজ্ঞাপত্ৰ থকা পাইকাৰী বিক্রেতাৰ লগতে এনে অবৈধ বিক্রেতাই যথেষ্ট পৰিমাণৰ ফটকা তথা আতচবাজী সংগ্রহ কৰাৰ পাছত এতিয়া ইয়াৰ বিক্ৰীক লৈ শংকিত হৈ পৰিছে।
অৱশ্যে আজিও কাৰখানা পথস্থিত তথা অনুজ্ঞাপত্র নথকা পাইকাৰী বিক্রেতাৰ গুদামত ফটকা বিক্রেতাৰ ভিৰ আছে যদিও তেওঁলোকে ক্ৰয় কৰা ফটকাৰ পৰিমাণৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট কম। এজন বিক্রেতাই প্রকাশ কৰা অনুসৰি, পূৰ্বে যিজন গ্রাহকে দীপাৱলীৰ বাবে আগতিয়াকৈ এক লাখ টকাৰ অধিক মূল্যৰ ফটকা তথা আতচবাজী ক্ৰয় কৰিছিল, তেওঁলোকে এইবাৰ ২৫ হেজাৰ টকাৰহে সামগ্রী ক্রয় কৰিছে।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিত বহুসংখ্যক লোকে এইবাৰ দীপাৱলীত ফটকা ফুটাবলৈ অনীহা প্রকাশ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ফটকা ফুটোৱাৰ সপক্ষে মন্তব্য কৰাক লৈ যি বিতৰ্কৰ সূত্রপাত ঘটিছে সিয়ে ফটকা ব্যৱসায়ীসকলক শংকিত কৰাৰ লগতে বহু লোকো এই ক্ষেত্রত শংকিত হৈ পৰিছে ফটকা ফুটালে যিকোনো অনাহুত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাত।
কিন্তু ইয়াৰ মাজতে দীঘলীয়া সময় ধৰি তেজপুৰ আৰু পার্শ্ববর্তী অঞ্চলত অনুজ্ঞাপত্র অবিহনেই ফটকাৰ এখন বৃহৎ ক’লা বজাৰ চলি থকাৰ লগত এই ক্ষেত্ৰত শোণিতপুৰ প্ৰশাসন, আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাটো আন এক ৰহস্যৰ বিষয় হৈ উঠিছে।






























