Zubeen Garg:✒️জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাঁচ অভিযুক্তক বাগসা জিলা কাৰাগাৰলৈ ন্যায়িক জিম্মাত ৰাখিবলৈ নিয়াৰ সময়ত কাৰাগাৰখনৰ সম্মুখত সংঘটিত ভয়ংকৰ পৰিৱেশৰ বাবে ঘটনাস্থলীলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিছে। বিভিন্ন জিলাৰ পৰা আৰক্ষী বাহিনী প্ৰেৰণ কৰা হৈছে বুলি সূত্রই জনায়।
তদুপৰি অর্ধ-সামৰিক বাহিনী আৰু ৰেপিড একচন ফ’র্চো ঘটনাস্থলীলৈ প্রেৰণ কৰা হৈছে। ঘটনাস্থলীৰ চৌদিশে চেপা উত্তেজনা বিৰাজ কৰি থকাত জিলা দণ্ডাধীশে আদালত চৌহদৰ পাঁচশ মিটাৰ নিলগলৈ জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইপিনে, অসম আৰক্ষীৰ মহা-পৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে পৰিস্থিতিৰ বুজ লৈ ৰাইজক আইনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে। সাংবাদিকৰ আগত শীর্ষ আৰক্ষী বিষয়াজনে কয়, ‘কোনেও আইন হাতত তুলি ল’ব নালাগে। আইনৰ ওপৰত আস্থা ৰাখিবলৈ ৰাইজক আহ্বান জনাইছো। সদ্যহতে পৰিস্থিতি নিয়ন্ত্রণত গুৰুত্ব আৰোপ কৰিছো। বাইজ শান্তিত থাকিবৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো।’
ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ জনায়। বুধবাৰে দুপৰীয়া মুছলপুৰৰ নিকটৱৰ্তী কুৱেৰী চ’কস্থিত বাগসা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত অগ্নিগর্ভ পৰিস্থিতি সৃষ্টিৰ বাবে এজন শীর্ষ আৰক্ষী বিষয়াক দোষাৰোপ কৰিছে বহুতে।
অভিযোগ অনুসৰি, জুবিন গার্গ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচ অভিযুক্তৰ বিৰুদ্ধে জিলা কাৰাগাৰৰ সন্মুখত প্রতিবাদ কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত লাঠিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) গীতার্থ দের শর্মাই। কেবল নির্দেশ দিয়ে ক্ষান্ত নাথাকি তেওঁ প্রতিবাদকাৰীসকলক এফালৰ পৰা নির্বিচাৰে কোবাবলৈ ধৰাৰো অভিযোগ উত্থাপন হৈছে।
এই লাঠিচালনাক কেন্দ্ৰ কৰি পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিস্থিতি বহু সময়ৰ পাছত নিয়ন্ত্রণলৈ আহে যদিও চেপা উত্তেজনা বিৰাজ কৰি আছে। পাছত নিশা মুছলপুৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি-আইন-শৃংখলা) অখিলেশ কুমাৰ সিং আৰু আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে চিকিৎসাধীন লোকসকলৰ অৱস্থাৰ বুজ লয়।






























