NRI :
ছিংগাপুৰত সমুদ্ৰৰ বক্ষত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্তকাৰী সন্থা চিআইডিত ভাষ্য প্ৰদানৰ বাবে গুৱাহাটীত উপস্থিত হ’ল প্ৰৱাসী অসমীয়া তথা অসম এছ’চিয়েচনৰ কৰ্মকৰ্তা দেৱজিৎ হাজৰিকা আৰু অভিমুন্য তালুকদাৰ ৷
দুয়োজন প্ৰৱাসীয়ে সুকীয়া সুকীয়াকৈ চিআইডি কাৰ্যালয়ত উপস্থিত হয় ৷ আনহাতে এছআইটিক
ভাষ্য প্ৰদানৰ বাবে যোৱাৰ পথত চিআইডি কাৰ্যালয়ৰ বাহিৰত ৰৈ এতকা সাংবাদিকৰ আগত অভিমন্যু তালুকদাৰে কয়, জুবিনৰ গাৰ্গৰ মৃত্যুৰ ন্যায় আমিও বিচাৰিছো ৷ তদন্তৰ শেষত আমি ভালকৈ সকলো কথা খুলি ক’ম ৷ অসম এছ’চিয়েচনে য়ট বুকিং কৰা নাছিল ৷ য়ট বুকিং কৰিছিল ছিংগাপুৰৰে আন এজন প্ৰৱাসী অসমীয়া তন্ময় ফুকনে ৷ তাৎপৰ্যপূণ ভাৱে চকুৰ সন্মুখতে সকলো দেখা অভিমন্যু তালুকদাৰে নক’লে জুবিনৰ অন্তিম ক্ষণৰ এটাও কথা। আনকি সাগৰত জুবিনৰ সৈতে কি হৈছিল সেই কথাও নক’লে অভিমন্যুই ৷
আনহাতে আন এজন প্ৰৱাসী অসমীয়া দেৱজিৎ হাজৰিকাই এছ আইটিৰ ওচৰলৈ যোৱাৰ পথত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত কয়, তদন্তৰ জৰিয়তে সকলো সত্য পোহৰলৈ আহক ৷ অসমৰ সমান্তৰালকৈ ছিংগাপুৰতো তদন্ত চলি আছে, আমি সহযোগ কৰিছো ৷ যথাযথভাৱে উচিত পদ্ধতিৰে তদন্ত হওঁক ৷ উল্লেখ্য যে, ছিংগাপুৰত য়ট পার্টীত আছিল দেৱজিৎ হাজৰিকা ৷ADVERTISEMENT




































