সম্প্রতি বিশ্বৰ সবাতোকৈ ধনী অভিনেতাৰ তালিকাত শীর্ষস্থান লাভ কৰিছিল বলিউড মহাতাৰকা অভিনেতা শ্বাহৰুখ খানে। এইবাৰ শ্বাহৰুখৰ সম্পত্তিৰ পৰিমাণৰ প্ৰসংগ উল্লেখ কৰি অভিনেতাজনক তীব্র কটাক্ষ কৰিলে ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে।
এক ভিডিঅ’ প’ষ্ট কৰি ৰাঠিয়ে ইউটিউবত শ্বাহৰুখক সমালোচনা কৰি ক’লে, ‘শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্রাত ১২,৪০০ কোটি টকা। শ্বাহৰুখ খান এতিয়া অর্বুদপতি। আপোনালোকে ভাবিব পাৰিছে?
সাধাৰণ মানুহৰ এই পৰিমাণৰ সম্পত্তিৰ কথা কল্পনাৰো অতীত। ইয়াৰ পাছতো শ্বাহৰুখক মোৰ এটাই প্রশ্ন যে আপোনাৰ যি পৰিমাণৰ সম্পত্তি আছে সেয়া যথেষ্ট নহয় নেকি?
যদি এই পৰিমাণৰ সম্পত্তি আপোনাৰ বাবে যথেষ্ট হয়, তেন্তে কিয় আপুনি পানমছলাৰ বিজ্ঞাপন কৰে? কি প্রয়োজন আপোনাৰ এনে সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ? ইমান সম্পত্তি, টকা-পইচাৰে আপুনি কি কৰিব? আপুনি দেশৰ এজন গুৰুত্বপূৰ্ণ আৰু সচেতন নাগৰিক। আপুনি যদি এনে সামগ্ৰীৰ বিজ্ঞাপন কৰে, তেন্তে সমাজৰ প্ৰতি আপোনাৰ দায়বদ্ধতা কি?’






























